ধৰ্মৰ বেপাৰী! সদগুৰুৰ ভৰিৰ ফটোৰ দাম শুনিলে আচৰিত হ’ব আপুনি : পুলিচী তদন্তত নতুন বিতৰ্ক

টিভিৰ পৰ্দাৰ পৰা আৰম্ভ কৰি ফেচবুক/ইউটিউব ভিডিঅ’লৈকে সঘনাই দেখা যায় ধৰ্মগুৰু সদগুৰু জগী বাসুদেৱক। জীৱন-দৰ্শন আৰু ধৰ্মৰ জ্ঞান বিলাই ডাঙৰ ডাংৰ ভাষণ দিয়ে এইজনা ধৰ্মগুৰুৱে। দেশ বিদেশত লাখ লাখ অনুৰাগী আছে সদগুৰু নামৰ এই ধৰ্মগুৰুজনৰ। সামাজিক মাধ্যমতো আছে লাখ লাখ অনুৰাগী।

সদগুৰুৰ প্ৰতি অনুৰাগী বা ভক্তৰ ইমানেই ভক্তি আছে যে দোকানত বিক্ৰী কৰা হয় সদগুৰুৰ ভৰিৰ প্ৰতিচ্ছবি।

জানিব পৰা মতে ৩২০০ টকাত বিক্ৰী কৰা হয় সদগুৰুৰ ভৰিৰ এখন ছবি।

উল্লেখ্য যে সভ্যতা যিমানেই আধুনিক হৈ আহিছে জনসাধাৰণৰ মাজত ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ সিমানেই বাঢ়িছে। এনে বিশ্বাসৰ সুযোগ লৈ ধৰ্মগুৰুসকলৰ ক্ষমতা আৰু প্ৰভাৱ দুয়োটাই যোৱা কেইবছৰমানৰ পৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। তেনে এজন ব্যক্তি হৈছে এইজন সদগুৰু।

বিভিন্ন সময়ত পোহৰলৈ আহিছে এনে বহু ধৰ্মগুৰুৰ মিথ্যাচাৰ আৰু অপৰাধৰ তথ্য। এনে তালিকাত আছে আশাৰাম বাপু, ৰাম ৰহিমকে ধৰি অনেক তথাকথিত ধৰ্মগুৰুৰ নাম। শেহতীয়াকৈ ভুৱা সামগ্ৰী বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈছে যোগ গুৰু ৰামদেৱৰ বিৰুদ্ধে।

অপৰাধ সংঘটিত কৰা এই ধৰ্মগুৰুৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে সদগুৰু নাম।

অভিযোগ অনুসৰি, সদগুৰু জগী বাসুদেৱৰ ঈশা ফাউণ্ডেশ্যন আশ্ৰমৰ কৰ্তৃপক্ষই বিভিন্ন যুৱতীক বলপূৰ্বকভাবে সন্ন্যাস গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে। আনকি পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈও দিয়া হোৱা নাই যুৱতীসকলক।

সোমবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ এছ কামৰাজে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীৰ তদন্তৰ নিৰ্দেশ দিয়ে। প্ৰাক্তন অধ্যাপকগৰাকীয়ে দাবী কৰে যে তেওঁৰ দুগৰাকী কন্যা গীতা কামৰাজ (৪২) আৰু লতা কামৰাজ (৩৯)ক বলপূৰ্বক এই আশ্ৰমত ৰাখিছে সদগুৰুৱে।

তেওঁ আৰু অভিযোগ কৰে যে আশ্ৰম কৰ্তৃপক্ষই মহিলা দুগৰাকীক সন্ন্যাসী হ’বলৈ বাধ্য কৰাইছিল। আনকি পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈও দিয়া হোৱা নাই।

ইয়াৰ পিছত মঙলবাৰে বিয়লি আৰক্ষীয়ে স্বঘোষিত ‘গডমেন’ সদগুৰু জগী বাসুদেৱৰ ঈশা ফাউণ্ডেশ্যনৰ আশ্ৰমত তালাচী আৰম্ভ কৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সাধগুৰু আশ্ৰমৰ বিৰুদ্ধে উত্থাপিত সকলো অপৰাধমূলক অভিযোগৰ প্ৰতিবেদন বিচৰাৰ পিছতে তামিলনাডু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে কইম্বাটুৰৰ টণ্ডামুতুৰৰ বৃহৎ এলেকাত অৱস্থিত ইছা ফাউণ্ডেশ্যন। সেইদিনা এডিএছপি ৰেংকৰ এজন বিষয়াৰ নেতৃত্বত কইম্বাটুৰৰ পৰা প্ৰায় ১৫০ জনীয়া আৰক্ষী জোৱানৰ এটা বাহিনী আশ্ৰমত প্ৰৱেশ কৰে। তাৰ পিছত তাতেই আৰম্ভ হ’ল অনুসন্ধান অভিযান।

এই সকলোবোৰৰ মাজতে চৰ্চালৈ আহিছে সদগুৰুৰ ভৰিৰ ছবিৰ বিতৰ্ক। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৩২০০ টকাত সদগুৰুৰ ভৰিৰ ফটো বিক্ৰী কৰাৰ তথ্য।