• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 6:58 pm
177
VIEWS
Share on FacebookShare on Twitter

বিশ্বব্যাপী মন্দাৱস্থাৰ মাজত তথ্য প্ৰযুক্তি খণ্ডৰ বহু কৰ্মীয়ে চাকৰি হেৰুৱাইছে। নতুন কৰ্মস্থানত যোগদান কৰাৰ কেইদিনমানৰ ভিতৰতে বহু কৰ্মচাৰীক ছাঁটাই কৰা হৈছে। এই পৰিস্থিতিত মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে অধিক ছাঁটাইৰ সতৰ্কবাণী দিছে। তেওঁ স্পষ্ট কৰি দিছে যে এই বছৰ বহু সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰা হ’ব। কাৰণ কামৰ গতি দ্ৰুত কৰিবলৈ মাজৰ শাৰীৰ কেইবাটাও পদ বাতিল কৰা হ’ব।

ফেচবুককে ধৰি মেটাৰ একাধিক কোম্পানীৰ পৰা ইতিমধ্যে বহুতো কৰ্মচাৰীক ছাঁটাই কৰা হৈছে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে অনাগত দিনত তেওঁলোকৰ চাকৰিৰ ভৱিষ্যত সম্পৰ্কে পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিলে।

জুকাৰবাৰ্গে ২০২৩ ক দক্ষতাৰ বছৰ হিচাপে চাইছে। একে সময়তে তেওঁ কোম্পানীৰ কাম দ্ৰুততৰ কৰিব বিচাৰিছে। সংস্থাটোৰ ভিতৰুৱা এখন বৈঠকত জুকাৰবাৰ্গে কয় যে একাধিক কাৰ্য্যালয় ৰখাৰ বাবে বিভিন্ন বিষয়ত সিদ্ধান্ত লোৱাত বিলম্ব হৈছে। গতিকে জুকাৰবাৰ্গে মজলীয়া শ্ৰেণীৰ কেইবাটাও পদ আঁতৰাই কামটো ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলস্বৰূপে একেলগে বহু কৰ্মচাৰীয়ে  চাকৰি হেৰুৱাব বুলিও তেওঁ জনাই দিছে।

জুকাৰবাৰ্গৰ মতে, কোম্পানীটোত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰাৰ সময় আহি পৰিছে। সূত্ৰসমূহৰ জৰিয়তে জুকাৰবাৰ্গৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।

তেওঁ কৈছে, “এদল কৰ্মচাৰীৰ যোৱা ২০ বছৰ ধৰি এই কোম্পানীটোত অক্লান্ত পৰিশ্ৰম কৰি আহিছে। আমাৰ কোম্পানীয়ে তেওঁলোকৰ হাত ধৰিয়েই এই স্থানত আহি উপনীত হৈছে। এই পৰিস্থিতিত ছাঁটাই কৰাটো বহুত কঠিন। সেয়েহে, কেইবাটাও পদ বাতিল কৰা হৈছে যাতে কোম্পানীটোৰ সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়া অধিক দ্ৰুততাৰে কৰিব পৰা যায়।”

জুকাৰবাৰ্গৰ মতে, তেওঁলোকৰ কোম্পানীত একাধিক মেনেজাৰ নিযুক্ত কৰা হৈছিল। ফলস্বৰূপে, কামৰ পথত বাধাৰ সৃষ্টি হৈছে। কিয়নো এজন ব্যক্তিয়ে এটা কামকে অধীনস্থ মেনেজাৰসকলৰ ওপৰত আৰোপ কৰি আছে। সেই মেনেজাৰসকলে পুনৰ তেওঁলোকৰ অধীনস্থসকলৰ ওপৰত কামৰ বোজা পেলাইছে। ফলস্বৰূপে সঠিকভাৱে কাম হোৱা নাই।

অৱশ্যে, এক বিবৃতিত জুকাৰবাৰ্গে কয়, “আমাৰ এপবোৰ যিদৰে জনপ্ৰিয় হৈ উঠিছে তাক লৈ মই অত্যন্ত সুখী। নেটিজেনসকলে ৰিল-কে ধৰি কেইবাটাও নতুন ধৰণৰ ফিচাৰ পছন্দ কৰিছে। আশা কৰোঁ, মেটাই ২০২৩ চনত আৰু উন্নতি কৰিব।‘’

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd