ৱানখেড়েত ‘ধোনী ধামাকা’! ৰোহিতৰ শতকৰ সৈতেও জয়ী হ’ব নোৱাৰিলে মুম্বাই

দেওবাৰে ৫ বাৰৰ আইপিএল চেম্পিয়ন মুম্বাই ইণ্ডিয়ান্‌ছক ২০ ৰানত পৰাস্ত কৰে চেন্নাই ছুপাৰ কিংছে। দেওবাৰে আই পি এল ২০২৪ৰ ২৯ সংখ্যক মেচত প্ৰথম বেটিং কৰি চিএছকে-এ ২০৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ান্‌ছে মাত্ৰ ১৮৬ ৰানহে কৰিবলৈ সক্ষম হয়।ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিঙৰ দ্বাৰা শতক অৰ্জন কৰে যদিও মুম্বাই-এ মেচখন জয়ী হোৱাত ব্যৰ্থ হয়। মথিশা পাথিৰানাৰ বলিঙে ৰোহিতৰ শতকৰ অৱদানক গুৰুত্বহীন কৰি তোলে। পাথিৰানাই ৪টা উইকেট দখল কৰে।

চেন্নাইয়ে দিয়া লক্ষ্য অনুসৰণ মুম্বাইৰ হৈ ৰোহিত শৰ্মাই অপৰাজিত ১০৫ ৰান সংগ্ৰহ কৰে। ৬৩টা বলৰ সন্মুখীন হৈ তেওঁ ১১টা চাৰি আৰু ৫টা ছয় সংগ্ৰহ কৰে। ৰোহিতৰ ষ্ট্ৰাইক ৰেট আছিল ১৬৬.৬৭। চেন্নাইৰ হৈ বলিং কৰাৰ সময়ত পাথিৰানাই ৪ অভাৰত ২৮ ৰান দি ৪টা উইকেট দখল কৰে। তেওঁ ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ডক পেভিলিয়নৰ বাট দেখুৱায়।

মুম্বাইৰ আৰম্ভণি ভাল আছিল।অপেনাৰদ্বয় ৰোহিত আৰু ঈশানে ৭০ ৰানৰ অংশীদাৰিত্ব আগবঢ়াই নিয়ে। ইয়াৰ পাছতে ১৫টা বলত ২৩ ৰান সংগ্ৰহ কৰি আউট হয় ঈশান কিষাণ। পাথিৰাণাই ঈষাণৰ উইকেট সংগ্ৰহ কৰে। সূৰ্যকুমাৰ যাদৱে কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নমুখী হয়। ইয়াৰ পাছত তিলক বাৰ্মা,হাৰ্দিক পাণ্ডিয়ায়ো দুৰ্বল প্ৰদৰ্শন আগবঢ়ায়৷

উল্লেখ্য যে, চিএছকে-এ প্ৰথমে বেটিং কৰি ২০৬ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ৰুতুৰাজ গাইকোৱাডে ৬৯ ৰান সংগ্ৰহ কৰে। শিৱম ডুবে-এ অপৰাজিত হৈ ৬৬ ৰান সংগ্ৰহ কৰে।শিৱমে ৩৮টা বলত ১০টা চাৰি আৰু ২টা ছয় সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ান্‌ছে মাত্ৰ ১৮৬ ৰানহে সংগ্ৰহ কৰে।মুম্বাইৰ বেটছমেন তিলক ৩১ ৰান সংগ্ৰহ কৰি আউট হয় আৰু হাৰ্দিক পাণ্ডিয়াই ২ ৰান সংগ্ৰহ কৰি আউট হয়। ১৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় টিম ডেভিদ।