NORTHEAST NOW (Assamese)

উইণ্ডোজৰ সুৰক্ষাৰ ত্ৰুটি! চাইবাৰ আক্ৰমণৰ আশংকা কৰিছে মাইক্ৰছফ্টে

January 12, 2023 6:35 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ছবি। সৌজন্য: ফৰ্বছ।

মাইক্ৰছফ্টে উইণ্ডোজ অপাৰেটিং চিষ্টেমত এটা ভয়ানক সুৰক্ষা ত্ৰুটি বিচাৰি পাইছে। চিভিই-২০২৩-২১৬৭৪ নামৰ এই ত্ৰুটিটোৱে উইণ্ডোজ এডভান্সড লোকেল প্ৰচিডিউৰ কল (এএলপিচি) প্ৰযুক্তিৰ সুৰক্ষা প্ৰণালী দুৰ্বল কৰে। ফলস্বৰূপে, সমাধান নোহোৱালৈকে এই ত্ৰুটিটো কাম লগাই উইণ্ডোজ ১০ ৰ পৰা উইণ্ডোজ ১১ আৰু উইণ্ডোজ চাৰ্ভাৰত চাইবাৰ আক্ৰমণ চলোৱা সম্ভৱ।

মাইক্ৰছফ্টে সৃষ্টি কৰা ছফ্টৱেৰত ত্ৰুটিটো ধৰা পৰাৰ লগে লগে সুৰক্ষা চক্ৰটো দ্ৰুততাৰে সমাধান কৰে। কিন্তু যদি হেকাৰসকলে চক্ৰটো এৰি যোৱাৰ আগতে ত্ৰুটিটো ব্যৱহাৰ কৰিবলৈ সক্ষম হয়, তেনেহ’লে ইয়াক জিৰো ডে এক্সপ্লয়েট বুলি কোৱা হয়।

লগতে পঢ়ক: কি হৈছিল! ভাৰতীয় প্ৰযোজকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ পাকিস্তানী অভিনেত্ৰীৰ

মাইক্ৰছফ্টে লগতে স্বীকাৰ কৰিছে যে চিভিই-২০২৩-২১৬৭৪ ত্ৰুটিৰ ক্ষেত্ৰতো এনে হৈছে।

উল্লেখ্য যে যোৱা মঙলবাৰে মাইক্ৰছফ্টে উইণ্ডোজত ৯৮ টা সুৰক্ষা ত্ৰুটি আঁতৰ কৰে আৰু ছফ্টৱেৰ আপডেট (সুৰক্ষা চক্ৰ) মুকলি কৰে। অৱশ্যে, জিৰো ডে এক্সপ্লয়েট কাৰ্যকৰী হৈ থকাৰ বাবে কোম্পানীয়ে ব্যৱহাৰকাৰীসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিছে।

Related News