মধ্যাহ্ন ভোজন কৰ্মীৰ কাম কাঢ়ি নি বেচৰকাৰী সংস্থাক দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ

এটা স্থানত ৰান্ধি গোটেই জিলাতে বিলাব বেচৰকাৰী সংস্থা "আকৃতি"য়ে; শিশুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ শংকা

Midday meal workers' protest in Silchar

শিলচৰত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ। ২৯ অক্টোবৰত।

মধ্যাহ্ন ভোজন কৰ্মীসকলৰ হাতৰ পৰা নি ৰাজ্যৰ চৰকাৰী বিদ্যালয়বোৰত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব বেচৰকাৰী সংস্থাক ঠিকা দিবলৈ ওলোৱা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে শিলচৰত আজি ব্যাপক প্ৰতিবাদ হয়।

চিটু (Centre of Indian Trade Union)ৰ সহযোগত আজি কেইবাশ মধ্যাহ্ন ভোজন কৰ্মীয়ে শিলচৰ চহৰৰ মাজেৰে এটা প্ৰতিবাদী সমদল উলিয়ায়।

প্ৰতিবাদকাৰীসকলে চৰকাৰ আৰু চৰকাৰে ঠিকা দিব খোজা বেচৰকাৰী প্ৰতিষ্ঠান ‘আকৃতি’ৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

প্ৰতিবাদী সমদলৰ ফলত চহৰখনৰ মাজমজিয়াত থকা নৰচিংতোলা-শ্বিলংপট্টী পথছোৱাত যান-বাহন প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ থাকে।

প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি দিয়া ভাষণত চিটুৰ সুপ্ৰিয় ভট্টাচাৰ্য্যই কয়, “প্ৰায় ১৫ বছৰ ধৰি মধ্যাহ্ন ভোজন কৰ্মীসকলে মাত্ৰ ১০০০ হাজাৰ টকাৰ বিনিময়ত নিষ্ঠাৰে কাম কৰি আহিছে। এতিয়া তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ সলনি, তেওঁলোকৰ হাতৰ কামটো কাঢ়ি নি বেচৰকাৰী সংস্থাক দিব বিচাৰিছে।”

চৰকাৰে এইদৰে হাতৰ কাম কাঢ়ি নিলে হাজাৰ হাজাৰ মধ্যাহ্ন ভোজন কৰ্মীসকল অসহায় আৰু কৰ্মহীন হৈ পৰিব।

“আমি চৰকাৰক এইটো কৰিবলৈ দিব নোৱাৰো আৰু ইয়াতকৈ জোৰদাৰ প্ৰতিবাদ কৰিম”, ভট্টাচাৰ্য্যই কয়।

উল্লেখযোগ্য যে যোৱা কেইবা মাহ ধৰি ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মীসকলে তেওঁলোকৰ কাম কাঢ়ি নি বেচৰকাৰী সংস্থাক দিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ কৰি আহিছে।

জানিব পৰামতে, ‘আকৃতি’ নামৰ বেচৰকাৰী সংস্থাটোৱে এই ঠিকা লাভ কৰিছে আৰু সংস্থাটোৱে জিলাখনৰ এটা স্থানত মধ্যাহ্ন ভোজন প্ৰস্তুত কৰিব আৰু জিলাখনৰ বিদ্যালয়বোৰলৈ তাৰ পৰা সৰবৰাহ কৰিব।

ঠিকাপ্ৰাপ্ত বেচৰকাৰী সংস্থা “আকৃতি”য়ে ১ নৱেম্বৰৰ পৰা ৰাজ্যৰ চৰকাৰী বিদ্যালয়বোৰত আৰম্ভ কৰিব মধ্যাহ্ন ভোজন যোগান। লগে লগে ৰাজ্যখনৰ হাজাৰ হাজাৰ মধ্যাহ্ন ভোজন কৰ্মী কৰ্মহীন হৈ পৰিব।

সুপ্ৰিয় ভট্টাচাৰ্য্যই এই প্ৰক্ৰিয়াটোত শিশুৰ স্বাস্থ্যৰ শংকা থাকিব পাৰে বুলিও উদ্বেগ প্ৰকাশ কৰে।