পুত্ৰ আৰু বোৱাৰীৰ ব্যৱহাৰত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ এজন কৃষক তেওঁলোকক তেওঁৰ সকলো সম্পত্তিৰ পৰা বঞ্চিত কৰিলে। কেৱল সেয়াই নহয়, তেওঁ সকলো সম্পত্তি ৰাজ্যখনৰ ৰাজ্যপালক দান কৰিছে।
৮০ বছৰীয়া নাথু সিঙে মুজাফ্ফৰনগৰৰ এটা বৃদ্ধাশ্ৰমত বাস কৰে। তেওঁৰ স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ১.৫ কোটি টকা। বৃদ্ধজনে কয় যে তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়েকে তেওঁৰ বিষয়ে চিন্তা নকৰে। তেওঁ তেওঁলোকৰ ওপৰত অত্যন্ত বিৰক্ত।
তদুপৰি, বৃদ্ধজনৰ তিনিজনী কন্যাও আছে। কিন্তু তেওঁ নাভাবে যে কন্যাকেইগৰাকী তেওঁৰ সম্পত্তিৰ যোগ্য।
লগতে পঢ়ক: বাংলাদেশৰ ৰোহিংগীয়া শিৱিৰত বিধ্বংসী অগ্নিকাণ্ড; জ্বলি ভস্মীভূত হ’ল প্ৰায় ২,০০০ ঘৰ
সেয়ে হেনো বৃদ্ধজনে সমাজৰ হিতৰ বাবে সম্পত্তি দান কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ ৰাজ্যখনৰ ৰাজ্যপালৰ নামত সম্পত্তিখিনি লিখি দিছে। তেওঁৰ অনুৰোধ যে তেওঁৰ মৃত্যুৰ পিছত যেন চৰকাৰে এখন বিদ্যালয় বা চিকিৎসালয় নিৰ্মাণৰ বাবে সম্পত্তিখিনি ব্যৱহাৰ কৰে।
বৃদ্ধ কৃষকজনে সংবাদ মাধ্যমৰ আগত কয়, “এই বয়সত মই মোৰ পুত্ৰ আৰু বোৱাৰীৰ সৈতে থাকিব লাগিছিল। কিন্তু তেওঁলোকে মোৰ সৈতে দুৰ্ব্যৱহাৰ কৰে। গতিকে মই মোৰ সম্পত্তি চৰকাৰক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছো যাতে ইয়াক ভাল কামৰ বাবে ব্যৱহাৰ কৰা হয়।‘’
বৃদ্ধাশ্ৰমৰ মেনেজাৰ ৰেখা সিঙে জনায় যে শনিবাৰে বৃদ্ধ জনে উইল (ইচ্ছা পত্ৰ) প্ৰস্তুত কৰি সম্পত্তিখিনি দান কৰে। তেওঁ তেওঁৰ পৰিয়ালৰ ওপৰত ইমানেই বিৰক্ত যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত যাতে তেওঁৰ কোনো ল’ৰা বা ছোৱালী নাথাকে তাকো জনাই দিছে।
লগতে পঢ়ক: Global Warming: দক্ষিণ মেৰু সাগৰত বৰফ গলাৰ ৰেকৰ্ড! ডাঙৰ বিপদৰ আশংকা বিজ্ঞানী মহলৰ
প্ৰশাসনৰ মতে, তেওঁলোকে বৃদ্ধজনৰ অনুৰোধ পঞ্জীয়ন কৰিছে। তেওঁ এটা ঘৰ, ১০ বিঘা কৃষিযোগ্য ভূমি আৰু ১.৫কোটি টকাৰ স্থাৱৰ সম্পত্তি দান কৰিছে। বৃদ্ধজনৰ মৃত্যুৰ পিছত সম্পত্তিখিনি ব্যৱহাৰ কৰা হ’ব।