সেনা চোৰাংচোৱা, সংগঠন এৰা একাংশই চলাইছে ধনদাবী, জৰিত চোৰাং কাঠ সৰবৰাহতো: আলফা (স্বাঃ)

Paresh-Baruah c-in-c ulfa (i)

প্ৰতীকী ফাইল ছবি।

তিনিচুকীয়া আৰু অসম-অৰুণাচল সীমান্তত আলফা (স্বাঃ)ৰ নাম লৈ ৫০:৫০ অংশীদাৰিত্বৰে ধন দাবীৰ কাৰ্য্যকলাপ ‘চলাইছে’ ভাৰতীয় সেনাৰ চোৰাংচোৱা আৰু সংগঠন এৰি অহা কিছুমান সদস্যই।

সেনা-আৰক্ষীৰ দাবীৰ বিপৰীতে এই ‘স্পষ্টীকৰণ’-এৰে শনিবাৰে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে আলফা (স্বাঃ)।

“আমাৰ বিশ্বস্ত সূত্ৰ অনুসৰি অবৈধ আয়ৰ ৫০-৫০ অংশীদাৰিত্বৰে সেনা চোৰাংচোৱাৰ লগতে ভাৰতীয় দখলদাৰী বাহিনীসমূহৰ কিছুমান অভিযানকাৰী কমাণ্ডাৰে আমাৰ সংগঠন পৰিত্যাগকাৰী কিছুমানৰ সহযোগত সময়ে সময়ে এই ভুৱা আৰু অপৰাধমূলক কাৰ্য্যকলাপ চলাই আহিছে,” আলফা (স্বাঃ)ৰ হৈ এই স্পষ্টীকৰণ সংগঠনটোৰ প্ৰচাৰ সদস্য ৰমেল অসমৰ।

এই চক্ৰটো অৰুণাচল প্ৰদেশৰ পৰা অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণ পৰ্য্যন্ত চোৰাং কাঠৰ ‘অবৈধ সৰবৰাহ’তো জৰিত থকাৰ তথ্য তেওঁলোকৰ হাতত থকা বুলিও দাবী কৰিছে সংগঠনটোৱে।

ন্যস্ত স্বাৰ্থৰ বাবে সংগঠনৰ ভাবমূৰ্তি এই চক্ৰটোৱে নষ্ট কৰাৰ চেষ্টা কৰা বুলি দাবী কৰি এই ‘অপৰাধীসকলক কোনোৰকমতে সহায় নকৰি’ ‘তেওঁলোক’ৰ হাতত গতাই দিবলৈ ৰাইজক আহ্বান জনাইছে সংগঠনটোৱে।

লগতে পঢ়ক- আলফা (স্বাধীন)ৰ নিজৰে সদস্যৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ উপ মুখ্য মন্ত্ৰী-পত্নীৰ মালিকানাধীন নামচাই জিলাস্থিত সতি চাহ বাগিচাৰ মহৰী দেবব্ৰত দেবক অপহৰণ কৰাত আলফা (স্বাঃ) জৰিত থকাৰ অভিযোগ উঠিছিল।

ঘটনাটোৰ পিছতে আলফা নেতা প্ৰবাল নেওগে  দাবী কৰিছিল যে আলফা (স্বাঃ)ৰ পৰা ‘ফালৰি কাটি’ অহা ৬-৭ জনীয়া দল এটাই নামচাই জিলাত আশ্ৰয় লৈ ধনদাবী কৰিছে। এই দলটোৱেই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা ১ নৱেম্বৰৰ ধলা গণহত্যা সংঘটিত কৰাৰ ‘সম্ভাৱনা’ আছে বুলি মন্তব্য কৰিছিল নেওগে।

আলফা (স্বাঃ) ‘পৰিত্যাগ কৰা’ ভাস্কৰ বড়া ওৰফে মুং অসম নামৰ এজনৰ বিৰুদ্ধে ধলা গণহত্যাৰ দিনাই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল সংগঠনটোৱে।