লকডাউনৰ প্ৰভাৱ; নলাত উটুৱাই দিবলগীয়া হ’ব পাৰে লাখ লাখ লিটাৰ বিয়েৰ

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত লকডাউন পুনৰ বৃদ্ধি পোৱাত ২৫০ টা য়ুনিটত বনোৱা প্ৰায় ৮ লাখ লিটাৰ সতেজ বিয়েৰ নষ্ট হোৱাৰ আশংকাই চিন্তিত কৰি তুলিছে উৎপাদনকাৰী সকলক।

ইয়াৰ উপৰি লকডাউনৰ ফলত উত্তৰাঞ্চলীয় ৰাজ্যসমূহত প্ৰায় ৭০০ কোটি টকাৰ বিলাতী সুৰাৰ মজুত আছে বুলিও জানিব পৰা গৈছে।

এই সন্দৰ্ভত সুৰা উদ্যোগৰ বিশেষজ্ঞসকলৰ মতে বটলত বন্ধ হৈ থকা সুৰাতকৈ সতেজ বিয়েৰ অতি শীঘ্ৰে নষ্ট হয়। সেয়ে লকডাউন বৃদ্ধিয়ে এই আশংকা অধিক বৃ্দ্ধি কৰিছে।

ইফালে নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ ফলত দিল্লীক বাদ দি উত্তৰ ভাৰতৰ বাকী ৰাজ্যত ভাৰতত নিৰ্মিত ৭০০ কোটি টকাৰ বিলাতী সুৰাৰ প্ৰায় ১২ লাখ বটল বিক্ৰী নোহোৱাকৈ আছে।

লকডাউনৰ বাবে এই সমূহ বিক্ৰী কৰাটো সম্ভৱপৰ হৈ নুঠিল। পৰৱৰ্তী সময়ত ৰাজ্যসমূহৰ পৰা অনুমতি পালেহে ষ্টকত থকা এই সুৰা সমূহ বিক্ৰী কৰিব পাৰিব।

আনহাতে বিয়েৰ উদ্যোগৰ পৰামৰ্শদাতা ঈশান গ্ৰোভৰে জানিবলৈ দি কয় যে বটলত বন্ধ হৈ থকা বিয়েৰৰ তুলনাত সতেজ বিয়েৰ অতি সোনকালে বিনষ্ট হৈ যায়। সেয়ে গুড়গাঁৱত একাধিক য়ুনিটে সতেজ বিয়েৰ নলাত উটুৱাই দিয়া আৰম্ভ কৰিছে, কিয়নো সতেজ কৰি ৰাখিবলৈ হ’লে অত্যাধিক বিদ্যুতৰ প্ৰয়োজন হয়।

ক্ৰাফ্ট ব্ৰেবৰ্ছ এছ’চিয়েশ্যন অফ ইণ্ডিয়াৰ মতে, অতি শীঘ্ৰে যদি এই সন্দৰ্ভত কোনো সমাধান সূত্ৰ নোলালে ৮ লাখ লিটাৰ সতেজ বিয়েৰ নলাত উটুৱাই দিবলৈ উৎপাদক সকল বাধ্য হ’ব।

এছ’চিয়েশ্যনে দাবী কৰিছে যে, বিয়েৰ উৎপাদকসকলৰ ব্যৱসায় যাতে প্ৰভাৱিত নহয় তাৰ বাবে তেওঁলোকক ‍‘টেক এৱে’ সুবিধা প্ৰদানৰ অনুমতি দিব লাগে।

ক্ৰাফ্ট ব্ৰেবৰ্ছ এছ’চিয়েশ্যন অফ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অধিকাৰী শিবি ভেংকটৰাজুৱে কয় যে দেশত ২৫০ ক্ষুদ্ৰ য়ুনিট আছে আৰু ইয়াৰ লগত প্ৰায় ৫০ হাজাৰ কৰ্মচাৰী নিয়োজিত হৈ আছে।

তেওঁ লগতে কয় যে ২৫ মাৰ্চৰ পৰা লকডাউন হোৱা বাবে বিয়েৰ প্লাণ্টসমূহ বন্ধ হৈ আছে।

আনহাতে কনফেডাৰেশ্যন অফ ইণ্ডিয়ান এলকহলিক ৱেবৰেজ কম্পেনিজৰ মহানিৰ্দেশক বিনোদ গিৰিয়ে কয় যে দিল্লীক বাদ দি উত্তৰ ভাৰতৰ বাকী ৰাজ্যত আই এম এফ এলৰ প্ৰায় ১২ লাখ বটল মজুত আছে।

এই সন্দৰ্ভত তেওঁ কয়, ‍‘৭০০ কোটি টকাৰ এই ষ্টক যোৱা বিত্তীয় বৰ্ষতে শেষ কৰিব লাগিছিল, কিন্তু ২৫ মাৰ্চৰ পৰা দেশজুৰি লকডাউন চলিল। এই সমূহ নতুন বিত্তীয় বৰ্ষত বিক্ৰী কৰিবলৈ হ’লে ৰাজ্য চৰকাৰ সমূহৰ অনুমতি ল’ব লাগিব’।

উল্লেখ্য যে গৃহ মন্ত্ৰ্যালয়ে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত পাণ দোকান, মদৰ দোকান আদি বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰিছে যদিও এই ক্ষেত্ৰত সাধাৰণ জনতাই পাঁচ ফুট সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।