মন্ত্ৰীয়ে হেলমেট নিপিন্ধাকৈ বাইক চলাব পাৰে; সাধাৰণ জনতাই নোৱাৰে! কিয় এনে নিয়ম?

আহিছে আহিছে… মন্ত্ৰী আহিছে…. হেলমেট নিপিন্ধাকৈ…. বুলেটো চলাইছে…. প্ৰচাৰো কৰিছে…. পিছে যান-বাহন আইন ক’ত?
ৰাজ্য চৰকাৰৰ এগৰাকী সন্মানীয় পদত থকা মন্ত্ৰী অতুল বৰা। বুলেটত উঠি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত অতুল বৰা। পিছে যান-বাহন আইনৰ চুড়ান্ত উলংঘন মন্ত্ৰী অতুল বৰাৰ।

বিহুৰ বতৰত ডিঙিত গামোচাখন ল’লে ঠিকেই… পিছে মূৰতহে হেলমেট নাই। কথাষাৰলৈ মন কৰক কামৰূপ মহানগৰ জিলাৰ পৰিবহন বিষয়া গৌতম দাস ডাঙৰীয়া।

আপুনি নিজে ৰাজপথত নামি সাধাৰণ যান-বাহন আৰোহীক যান-বাহন আইন উলংঘন নকৰিবলৈ বা পথ সুৰক্ষাৰ স্বাৰ্থত প্ৰচাৰ চলাইছিল।

আনকি বিহুৰ বতৰতো যান-বাহন আইন মানি চলিবলৈ বিহুতলিত আপুনি নিজেই উপস্থিত থাকি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰিছিল।

বৰ্তমানলৈকে ২৫২.৫৯ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে
কিন্তু প্ৰশ্ন হৈছে “সাধাৰণ জনতাৰ বাবেহে যান-বাহন আইন নেকি? মন্ত্ৰী-বিধায়ক এই আইনৰ আওতাত নপৰে নেকি? পথ সুৰক্ষা মন্ত্ৰী-বিধায়কৰ বাবে নাই নেকি? হেলমেট পৰিধান নকৰাৰ বাবে মন্ত্ৰী অতুল বৰাই সাধাৰণ জনতাৰ দৰে ১০০০ টকাৰ জৰিমনা ভৰিব নে?

নে মন্ত্ৰী অতুল বৰাক পৰিবহন বিভাগৰ জৰিমণা বিহিবলৈ সাহস হ’ব?

ইয়াক লৈ ছ’চিয়েল মেডিয়াতো জোৱাৰ উঠা পৰিলক্ষিত হৈছে।
নাজিৰ আহমেদে লিখিছে “এওঁলোকে হেলমেট নিপিন্ধিলে জৰিমনা নহয় নেকি? নে চুলিখিনি কিম জং উনৰ নিচিনা হোৱাৰ বাবেই সকলো মাফ নেকি?”

ঠিক সেইদৰে চাহিদ চান অসমে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰি লিখিছে “ৰঙা ৰঙৰ চুলিৰে বাৰে বাৰে টিভিৰ আগত অহা, নিজৰ কাৰ্য্যালয়ৰ দালাল চাফা কৰিব নোৱাৰা ৰাজপথত সাধাৰণ লোকক হাৰাশাস্তি কৰা চেলিব্ৰেটি পৰিবহণ বিষয়া জনে চকুৰে দেখা নাই নে বন্ধ কৰিবলৈ সাহস নাই । মন্ত্ৰী হলে কিদাল হল, মন্ত্ৰী হলে আইন নাই নেকি ???

ASSAM নামৰ ফেচবুক পেইজ এটাত লিখিছে এইদৰে “মাননীয় মন্ত্ৰী ডাঙৰীয়া মিছন ছাৰখাৰত নপৰে নেকি নে মন্ত্ৰী বিধায়কৰ বাবে বেলেগ কিবা সুবিধা আছে?

চাণক্য বৰুৱাই লিখিছে এইদৰে ফাইনটো কোনে কাটিব এতিয়া? ফাইন কোনে দিব? বৰ বৰ কথা কোৱা মানুহে এনেকুৱা কৰিলে বেলেগে কৰিবলগীয়া একো নাথাকে৷ কিন্তু ক’বলগীয়া বহুত থাকে৷ ফেচবুকত পোষ্ট দি, সমালোচনা কৰি একো লাভ নাই বুলি জানো। বৰঞ্চ মন্ত্ৰীক সমালোচনা কৰাৰ বাবে সমালোচকহে আইনৰ মেৰপাকত পৰাৰ সম্ভাৱনা ৷ লগতে লেমটোবোৰৰ মহৎ বাণী শুনিবলৈ আছেই । যি মন যায় তাকেই কৰে যে কিয় মন্ত্ৰী, বিধায়কে?

মুঠৰ ওপৰত, ৰজাই কৰিলে লীলা, সাধাৰণ জনতাই কৰিলে ধৰি-বান্ধি কিলা।

আইন সকলোৰে বাবে সমান নহয় কিয়? এই প্ৰশ্নৰ উত্তৰ যুগ-যুগান্তৰৰ পৰা বিচাৰি আহিছে যদিও বাৰে বাৰে ৰজা-মহাৰজাই আইন ভংগ কৰিলেও কোনোদিন জৰিমনাৰ সন্মুখীন হোৱা নাই। তাৰ বিপৰীতে আইন উলংঘন কৰি বিপদৰ সন্মুখীন হৈ আহিছে সাধাৰণ জনতা।