NORTHEAST NOW (Assamese)

মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; আহত দুজন নিৰাপত্তাৰক্ষী

July 29, 2021 1:50 pm · এন ই নাও নিউজ

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত হৈছে।

বৃহস্পতিবাৰে গুৱাহাটী-শ্বিলং ৰোডৰ নংপুত দুৰ্ঘটনাগ্ৰস্ত হয় মন্ত্ৰী বৰাৰ কনভয়ৰ বাহনখন।

গুৱাহাটীৰ পৰা শিলচৰলৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত মন্ত্ৰী বৰা কোনোধৰণৰ আঘাত নোপোৱাকৈ ৰক্ষা পৰে। তেওঁৰ বাহনখন কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।

মেঘালয়ৰ ৰিভই জিলাৰ নংপুত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰি পৰে বাহনখন।

এই দুৰ্ঘটনাত মন্ত্ৰীগৰাকীৰ পাইলট কাৰত থকা দুজনকৈ নিৰাপত্তাৰক্ষী আহত হৈছে।

Related News