নিৰ্বাচনী টোপ! : কেইজনী কইনাই লাভ কৰিব অৰুন্ধতী আঁচনিৰ সোণ ? কি ক’লে মন্ত্ৰী হিমন্তই

index.jpg

জনতা ভৱনত সম্বোধন কৰা সংবাদ মেলত ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কেবাটাও গুৰুত্ব পূৰ্ণ ঘোষণা কৰিছে।

মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ৮ হাজাৰ নামঘৰলৈ ২.৫০ লাখ টকাৰ অনুদান আগবঢ়োৱা হ’ব বুলিও ঘোষণা কৰে। এই পুঁজি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মুকলি হ’ব।

ৰাজ্যৰ ৩৭৭ টা ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখকৈ টকা প্ৰদানৰ বাবে অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

ৰাজ্যৰ প্ৰতিখন জিলাৰ ৫৫ টাকৈ ধৰ্মীয় অনুষ্ঠানলৈ এই আঁচনিৰ যোগে ১০ লাখকৈ টকা লাভ কৰিব।

ইফালে অৰুন্ধতী আঁচনিৰ বিষয়েও কিছু গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীয়ে কয় যে, অৰুন্ধতী আঁচনিৰ বিয়া হোৱা কইনাই সোণ লাভ নকৰে। বিয়াৰ পঞ্জীয়ন কৰা কইনাইহে অৰুন্ধতী আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব।

যোৱা বৰ্ষত পঞ্জীয়ন কৰা হিতাধিকাৰীয়ে সোণৰ পৰিৱৰ্তে লাভ কৰিব ৩০ হাজাৰ টকা আৰু চলিত বৰ্ষৰ হিতাধিকাৰীয়ে ৪০ হাজাৰ টকা লাভ কৰিব।

মন্ত্ৰী গৰাকীৰ মতে অৰুন্ধতী আঁচনিত প্ৰায় ১ লাখ হিতাধিকাৰী নিৰ্বাচনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও যোৱা দুটা বৰ্ষত মাত্ৰ ৫০০ মান দৰা-কইনাৰহে বিবাহৰ পঞ্জীয়ন হৈছে।

বৰ্তমানলৈকে বিবাহ পঞ্জীয়ন কৰা মাত্ৰ ৫০০ গৰাকী কইনাইহে অৰুন্ধতী আঁচনিৰ অধীনত অনুমোদিত ধন ৰাশি লাভ কৰিব।

মন্ত্ৰী গৰাকীৰ মতে ১৫ অক্টোবৰলৈকে যিমানখিনি হিতাধিকাৰী হয় সেইখিনিকে সামৰি ধন প্ৰদান কৰা হ’ব।