অসমত নহয় ৰিপুন বৰাৰ ছুনামি বাংলাদেশত আহিব : হিমন্ত বিশ্ব শৰ্মা

ফটো : নৰ্থ-ইষ্ট নাও

‘সাগৰত ছুনামি আহে, সাগৰৰ কাষত বাংলাদেশ থাকে। গতিকে ৰিপুন বৰাৰ ছুনামি বাংলাদেশত হ’ব। আমি নদীৰ পাৰৰ সৰু সুৰা বতাহৰ লগত থাকিম’, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক সমালোচনা কৰি এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰিপুন বৰাই এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ছুনামি আহিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰী শৰ্মাই আজি বিশ্বনাথৰ আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পিছতে এই দৰে কয়।

ৰিপুন বৰাই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি কোৱাৰ উত্তৰত মন্ত্ৰী শৰ্মাই কয় যে যদিহে ৰিপুন বৰাই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি ভাবিছে তেন্তে আজমলক ৰিপুন বৰাই কোলাত ল’ব লাগে।

তেওঁ লগতে কয়, ‘ভৱিষ্যতে ৰিপুন বৰাৰ ঘৰত নাতি পুতি হ’ব। তেওঁলোকৰ নাম বদৰুদ্দিন আজমল, গিয়াছুদ্দিন আজমল, নিজামুদ্দিন আজমল সেই বিলাক দিয়ক। আমাৰ তাৰ লগত কোনো সম্পৰ্ক নাই’।

উল্লেখ্য যে অহা ৭ ফেব্ৰুৱাৰিত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ঢেকিয়াজুলীলৈ আহিব আৰু তাৰ পৰাই বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।

এই সন্দৰ্ভত বিশ্বনাথৰ কাৰ্যকৰ্তা সকলৰ লগত আলোচনা কৰিবলৈ বিশ্বনাথত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা।

মন্ত্ৰী গৰাকীয়ে পিছত সংবাদ মাধ্যমৰ আগত যোৱা ১০ জানুৱাৰিত অনুষ্ঠিত হোৱা ডি এইচ এছৰ ফাৰ্মাচিষ্ট পৰীক্ষাত অৱতীৰ্ণ সকললৈ এক অসাধু চক্ৰই ফোন কৰি নম্বৰ বঢ়াই দিয়াৰ বাবদ ধন বিচৰাৰ ঘটনা প্ৰসংগটো মন্তব্য কৰে।

এই সন্দৰ্ভত তেওঁ তদন্ত আৰম্ভ হোৱা বুলি উল্লেখ কৰি অসম আৰক্ষীৰ এটা উচ্চ পদস্থ বিষয়াৰ দল বিহাৰলৈ গৈছে আৰু অসাধু চক্ৰটোক চিনাক্ত কৰিছে বুলি কয়।