তেজপুৰত আই এছ বি টিৰ আধাৰশিলা স্থাপন মন্ত্ৰী পাটোৱাৰীৰ

53544685_1077002875841656_449547380694450176_n

শনিবাৰে তেজপুৰত আই এছ বি টিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

গুৱাহাটীৰ পাছতেই এইবাৰ তেজপুৰতো স্থাপন হ’ব আন্তঃৰাষ্ট্ৰীয় মানৰ বাছ টাৰ্মিনাছ। শনিবাৰে তেজপুৰত ৰাজ্যখনৰ দ্বিতীয়টো আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ আধাৰশিলা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্থাপন কৰে।

তেজপুৰৰ মাজগাঁওত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৱৰ্কশ্বপৰ মুঠ ১৫ বিঘা মাটিত ২৮.৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বাছ আস্থানটোৰ আধাৰশিলা স্থাপন কৰা হয়।

আধাৰশিলা স্থাপন অনুষ্ঠানতে পৰিবহন বিভাগৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে প্ৰকল্পটোৰ আৰ্হি উপস্থিত ৰাইজৰ আগত প্ৰদৰ্শন কৰে।

গুৱাহাটীৰ গড়চুকত থকা আই এছ বি টিৰ পাছত তেজপুৰত ৰাজ্যখনৰ দ্বিতীয়টো পূৰ্ণ পৰ্যায়ৰ আন্তঃৰাজ্যিক বাছ আস্থান নিৰ্মাণ হ’ব। তেজপুৰৰ পৰা অৰুণাচল, নাগালেণ্ডকে ধৰি চুবুৰীয়া ৰাজ্যলৈ পূৰ্বৰে পৰা বাছ চলাচল কৰি আহিছে যদিও নতুনকৈ নিৰ্মাণ হ’বলগীয়া এই বাছ আস্থানটোৱে দূৰণিবটীয়া যাত্ৰীসকলৰ অসুবিধাসমূহ দূৰ কৰিবলৈ সক্ষম হ’ব বুলি ব্যক্ত কৰে মন্ত্ৰী পাটোৱাৰীয়ে।

জানিব পৰা মতে, বাছ আস্থানত মুঠ ৪০-৫০ খন গাড়ী পাৰ্কিং কৰাৰ সুবিধা থাকিব আৰু ১০,০০০ৰ পৰা ১৫,০০০ হাজাৰ যাত্ৰীয়ে ইয়াৰ পৰা বিভিন্ন স্থানলৈ যাতায়তৰ সুযোগ লাভ কৰিব। তদুপৰি, বাছ আস্থানৰ লগতে স্থাপন হ’বলগীয়া মাৰ্কেট কমপ্লেক্সত ৰেষ্টুৰেন্টৰ লগতে ৬৮ খন ব্যক্তিগত দোকানো থাকিব।

আধাৰশিলা অনুষ্ঠানটোত মন্ত্ৰী পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।