এইবাৰ অখিল গগৈৰ বিৰুদ্ধে ভূমি বে-দখলৰ বিস্ফোৰক অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই চৰকাৰী মাটি বে-আইনীভাৱে দখল কৰা বুলি দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টৰ যুটীয়া অনুসন্ধানত পোহৰলৈ অনাৰ পাছত এই বিষয় লৈ সৰৱ হৈ পৰিছিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ।

কিন্তু তাৰ পাছতে অখিল গগৈয়ে কাজিৰঙাৰ ভূমি বে-দখল কৰি অৰ্কিড উদ্যান মুকলি কৰা বুলি গুৰুতৰ অভিযোগ তোলে মন্ত্ৰী পিযুষ হাজৰিকাই।

টুইটাৰযোগে এই বিস্ফোৰক অভিযোগ আনিছে মন্ত্ৰী পীযুষ হাজৰিকাই।

কালি নিশাৰ ভাগত এক টুইটযোগে মন্ত্ৰীগৰাকীয়ে অখিল গগৈয়ে  বছৰটো জুৰি বৃহৎ ভূমি দখলত জড়িত হৈ আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াক সমৰ্থন কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ আছে বুলিও দাবী কৰিছিল মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীৰ সেই টুইটৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে অনা এই অভিযোগৰ তথ্য প্ৰমাণ দিবলৈ আহ্বান জনাইছিল।

আনকি সেই অভিযোগৰ তথ্য প্ৰমাণ দিব পাৰিলে সকলো আইনী ব্যৱস্থা মূৰ পাতি ল’বলৈ সাজু হ’ব বিধায়কগৰাকী।

কিন্তু প্ৰমাণ কৰিব নোৱাৰিলে তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব বুলি টুইটৰ ৰিপ্লাই দি উল্লেখ কৰে অখিলে।

তাৰ পাছতে আজি পুৱাৰ ভাগত টুইটযোগে কিছু তথ্য দাঙি ইয়াৰ উত্তৰ কিদৰে অখিল গগৈয়ে দিব বুলি প্ৰশ্ন কৰিছে।

অখিল গগৈৰ লগতে ৫ গৰাকীয়ে বে-আইনীভাৱে অৰ্কিড উদ্যানৰ নামত ভূমি দখলৰ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপিত হৈছে।

বোকাখাত ৰাজহ চক্ৰ বিষয়াই দিয়া তথ্য টুইটাৰত প্ৰকাশ কৰে পীযুষ হাজৰিকাই।

 

২২ বিঘা ২ কঠা ১০ লেচাৰ চৰকাৰে আৱন্টন দিয়া মাটিৰ ওপৰিও ৬ বিঘা ১ কঠা ১২ লোচা মাটি অতিৰিক্তভাৱে দখল কৰি থকা বুলি পিযুষে সংলগ্ন কৰা তথ্যত উল্লেখ আছে। মুঠ ২৮ বিঘা ৪ কঠা ১২ লোচা ভূমি অৰ্কিড উদ্যানে বে-দখল কৰাৰ গুৰুতৰ অভিযোগ আছে।

ইয়াৰোপৰি, নিৰ্ধাৰিত মাটিৰ প্ৰিমিয়াম হিচাপে চৰকাৰক দিবলগীয়া প্ৰতি বিঘাত ১,০৫,৩০০ টকাকৈ মুঠ ২৩,৬৯,২৫০ টকা আদায় দিয়া নাই বুলি তথ্যত উল্লেখ।

ভূমি বেদখলৰ সন্দৰ্ভত বোকাখাত থানাত ১০০/১৮ নম্বৰত ২০১৮ চনতে গোচৰ ৰুজু হৈ আছে। এই গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়তো লেখ আবেদন দাখিল কৰা হৈছে আৰু গোচৰ প্ৰক্ৰিয়া বৰ্তমানো চলি আছে।

এই অভিযোগৰ প্ৰত্যুত্তৰ বৰ্তমানলৈকে অখিল গগৈয়ে দিয়া নাই। এই কথাৰ প্ৰত্যুত্তৰ অখিলে কিদৰে দিয়ে সেয়া সময়ত লক্ষ্যণীয় হ’ব।