কৰ’নাত আক্ৰান্ত জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা

429650-assam-cong-rebels-750x375

ৰাজ্যৰ জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা কোভিড পজিটিভ ধৰা পৰিছে। কালি নিশা তেওঁৰ কোভিড পজিটিভ ধৰা পৰে।

টুইটাৰযোগে এই কথা জনাইছে মন্ত্ৰীগৰাকীয়ে নিজেই।

কোভিডৰ মৃদু উপসৰ্গ দেখা দিয়াত তেওঁ কোভিড পৰীক্ষা কৰায় আৰু পজিটিভ ধৰা পৰে।

তেওঁ বৰ্তমান হোম আইছ’লেশ্যন  হৈ আছে বুলি জনায়।

শেহতীয়াকৈ দিল্লী ভ্ৰমণ কৰিছিল মন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি জাগীৰোডতো অংগনবাড়ী কেন্দ্ৰৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মন্ত্ৰীগৰাকীয়ে।

তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্ট কৰাবলৈ মন্ত্ৰী গৰাকীয়ে অনুৰোধ জনায়।

আনহাতে, বৃহস্পতিবাৰে গুৱাহাটীৰ সাংসদ কুইন ওজাও কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছে।

সাংসদ গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি সাংসদ গৰাকীয়ে নিজেই কোভিড পজিটিভ হোৱাৰ কথা সদৰি কৰিছে।

তেওঁৰ শৰীৰত কোভিড-১৯ৰ মৃদু উপসৰ্গ দেখা দিয়াৰ পাছত পৰীক্ষা কৰাত ৰিপ’ৰ্ট পজিটিভ আহে।