উত্তৰ-পূব, বাংলাদেশলৈয়ো সকীয়নি পুলৱামাৰ আক্ৰমণ

পুলুৱাম সন্ত্ৰাসবাদী আক্ৰমণৰ সংগৃহীত ফটো

উত্তৰ-পূবতো পুলৱামাত সংঘটিত আত্মঘাতী আক্ৰমণৰ সদৃশ ঘটনা হোৱাৰ আশংকাত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কেন্দ্ৰীয় সেনাবল আৰু ৰাজ্যিক আৰক্ষীক সস্তম হৈ থকাৰ নিৰ্দেশ দিছে। অসমৰ লগতে বাংলাদেশলৈও দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা সস্তম হৈ থকাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে। বিগত নিৰ্বাচনৰ সময়তো বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ পৰিয়ালৰ ওপৰত আত্মঘাতী আক্ৰমণ ৰছনা কৰিছিল আই এছ আই সমৰ্থনপুষ্ট জেহাদীয়ে।

ভাৰতীয় অনুসন্ধান সংস্থাই প্ৰকাশ কৰা মতে বিগত কিছু মাহত অসম আৰু বাংলাদেশৰ বহু সংখ্যক যুৱকে জে এম বি নামৰ সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিছে সংগঠনটোৰ অধীনত আত্মঘাতী বোমাৰু হিচাপে প্ৰশিক্ষণলৈ আছে।

ৰাষ্ট্ৰীয় নাগৰিপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত নাম বাদ পৰা কিছু সংখ্যক বাংলাদেশী বুলি সন্দেহ কৰা যুৱকে জে এম বিত সদস্যভুক্ত হৈ এনে প্ৰশিক্ষণ লাভ কৰি আছে বুলি ভাৰতীয় অনুসন্ধান সংস্থাই খবৰ লাভ কৰিছে।

ভাৰতীয় অনুসন্ধান সংস্থাই পাকিস্তানৰ আই এছ আইৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল নভিদ মুখতাৰে ব্যক্তিগতভাবে নেতৃত্ব লৈ চলোৱা অনুসন্ধানত কাশ্মীৰ, উত্তৰ-পূব আৰু বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ পৰিয়ালৰ ওপৰত এনে আত্মঘাতী আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

সংস্থাই প্ৰকাশ কৰা মতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবকে ধৰি  ভাৰতৰ বিভিন্ন অংশত আত্মঘাতী আক্ৰমণ কৰি ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ বাবে বিভিন্ন ইছলামিক সন্ত্ৰাসবাদী সংগঠনে চেষ্টা কৰি আছে। এনে আক্ৰমণৰ লক্ষ্য হ’ল দেশৰ সংসদীয় ব্যৱস্থা দুৰ্বল কৰি তোলা যাতে ভবিষ্যতে উগ্ৰপন্থী সংগঠনবোৰে কাশ্মীৰ উপত্যকাত নিজৰ ভেঁটি মজবুত কৰি ভাৰত বিৰোধী কাৰ্য্যকলাপ চলাই নিব পাৰে।

অসম আৰু বাংলাদেশৰ পৰা উগ্ৰপন্থী সংগঠনত নতুনকৈ সোমোৱা এনে জেহাদীক কাশ্মীৰলৈ নি প্ৰশিক্ষণ দি থকা বুলিও অনুসন্ধানকাৰী সংস্থাই তথ্য লাভ কৰিছে। পুলৱামাত সংঘটিত কৰা আত্মঘাতী কাৰ বোমা আক্ৰমণৰ পিছত ভবিষ্যতে এনে ধাৰাবাহিক আক্ৰমণ সংঘটিত কৰাৰ বাবে সন্ত্ৰাসবাদী সংগঠন সকলে সাহস লাভ কৰিছে।

উল্লেখযোগ্য যে, কাশ্মীৰত জইছ-ই-মহম্মদৰ এজন কামাণ্ডাৰ আৰু মাছুড আজাহাৰৰ দুজন সম্পৰ্কীয় ভতিজাকক ভাৰতীয় সেনাই হত্যা কৰাৰ পাছতে দলটোৱে ভয়ংকৰ কূটাঘাতৰ আঁচনি কৰাৰ খবৰ লাভ কৰিছিল ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই।

কাশ্মীৰৰ পাছতে উত্তৰ-পূৰ্বাঞ্চলক পাকিস্তানী আই এছ আয়ে অন্যতম কূটাঘাত সংঘটিত কৰা স্থল হিচাপে চিহ্নিত কৰিছে।