সামাজিক মাধ্যমত প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে ঘৃণনীয় মন্তব্য; ত্ৰিপুৰাত কিশোৰ আটক

2-28-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সামাজিক মাধ্যমত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ‘ঘৃণনীয় পোষ্ট’ দিয়াৰ বাবে ত্ৰিপুৰাত আৰক্ষীয়ে এজন কিশোৰক আটক কৰিছে।

ত্ৰিপুৰা আৰক্ষীয়ে পূৱ চন্দ্ৰপুৰৰ ধৰমনগৰৰ পৰা কিশোৰ গৰাকীক শুকুৰবাৰে আটক কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সামাজিক মাধ্যমত ঘৃণনীয় পোষ্ট দিয়া কিশোৰজনক স্থানীয় লোকে মাৰ-পিট কৰা বুলিও জনিব পৰা গৈছে।

স্থানীয় লোকে কিশোৰ জনক উত্তম-মধ্যম শোধাই ধৰমনগৰ আৰক্ষীৰ হাতত গটাই দিয়ে আৰু কিশোৰজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰীৰ বিপক্ষে কটু মন্তব্য দিয়া কিশোৰজনৰ পৰিয়ালৰ এখন মিঠাইৰ দোকান আছে আৰু ল’কডাউনৰ সময়তো তেওঁলোকৰ মিঠাইৰ দোকানখনে কোনোধৰণৰ ল’কডাউনৰ নীতি-নিৰ্দেশনা পালন কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।