ব্ৰহ্মপুত্ৰত ডুবিল যাত্ৰীবাহী নাওঃ ৪ বছৰীয়া শিশুৰ মৃত্যু, শিশুসহ দুজন সন্ধানহীন

boat capsize in Brahmaputra

দক্ষিণ শালমৰা-মানকাছাৰত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱিহ ঘটনা। ব্ৰহ্মপুত্ৰত এখন যাত্ৰীবাহী নাও বাগৰি পৰাৰ ফলত প্ৰাণ হেৰুৱাইছে এটি ৪ বছৰীয়া শিশুৱে।

লগতে এই ঘটনাত এটি শিশুসহ এজন ব্যক্তি নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, সন্ধিয়া হোৱা প্ৰবল ধুমুহাৰ সময়ত ভাৰত-বাংলাদেশ সীমান্তৰ মানকাছাৰৰ নেপুৰৰ আলগা অঞ্চলত এই ঘটনা সংঘটিত হয়।

নাওখনত ১৮ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। সন্ধিয়া প্ৰায় ৫:৩০ বজাত যাত্ৰীসহ নাওখন বাগৰি পৰে।

নাৱত থকা অধিকাংশ লোকেই সাঁতুৰি পাৰলৈ যাবলৈ সক্ষম হয় যদিও দুজন সন্ধানহীন হয়।

আনহাতে ছামিম হুছেইন নামৰ ৪ বছৰীয়া শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

আনহাতে নিৰুদ্দিষ্ট দুজনক কোভাদ হুছেইন (৬৫) আৰু ইছমাইল হুছেইন (৮) বুলি চিনাক্ত কৰা হৈছে।

নিৰুদ্দিষ্ট কোভাদ হুছেইন আৰু ইছমাইল হুছেইনৰ সন্ধানত অভিযান অব্যাহত আছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।