একমাত্র আদানীৰ স্বাৰ্থত আজি চাপৰত প্রায় ৪০০০ বিঘা মাটিৰ পৰা সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে। আদানী – আম্বানী – জয় শ্বাহ – ৰামদেৱৰ দৰে বেপাৰীক অসমৰ খাটিখোৱা মানুহৰ মাটি গটাই দিবলৈ হিমন্ত বিশ্ব শৰ্মা উঠি পৰি লাগিছে আৰু এই স্বাৰ্থতে অসমৰ যতে ততে সাম্প্রতিক উচ্ছেদ চলোৱা হৈছে – আজি চাপৰত হোৱা উচ্ছেদ সন্দৰ্ভত এনেদৰে প্রতিক্রিয়া ব্যক্ত কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে।
এক বিবৃতিযোগে সংগ্রাম সমিতিৰ অন্যতম আহ্বায়ক সুব্রত তালুকদাৰ আৰু প্রণৱ দলেই কয় যে, এডভান্টেজ অসমৰ পিছত অসমত চৰকাৰৰ দ্বাৰা খাটিখোৱা মানুহৰ ভূমি অধিগ্রহণ আৰু উচ্ছেদ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে। ইয়াৰ বিৰুদ্ধে বিভিন্ন ঠাইত বিশেষকৈ জনজাতীয় মানুহে ব্যাপক প্রতিবাদ সাব্যস্ত কৰিছে। তথাকথিত উন্নয়নৰ নামত জনজাতীয় মানুহৰ ভূমি অধিগ্রহণৰ বিৰুদ্ধে আন্দোলন তীব্রতৰ হোৱাত এই আন্দোলনৰ পৰা ৰাইজৰ দৃষ্টি বেলেগ ফালে নিবলৈ চৰকাৰে সংখ্যালঘু মানুহক উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে।
আজি চাপৰত হোৱা উচ্ছেদ সম্পূর্ণ অমানৱীয় আৰু অসাংবিধানিক। পুন:সংস্থাপন অবিহনে যিকোনো উচ্ছেদ অবৈধ। তদুপৰি উচ্ছেদ কৰা স্থানত যি তাপ বিদ্যুৎ প্রকল্প স্থাপনৰ কথা কোৱা হৈছে সেই প্রকল্প সেই স্থানত কাৰিকৰীভাবে কিমান দূৰ বাস্তবায়িত হব সেয়াও এক ডাঙৰ বিষয়। পৰিৱেশৰ ওপৰত প্রভাৱ তথা আন আন বিষয়সমূহ সম্পূর্ণ চালিজাৰি নোচোৱাকৈ কেৱল মাত্ৰ ৰাজনৈতিক মেৰুবিভাজন, কৰ্প’ৰেট সন্তুষ্টিকৰণ আৰু জনজাতীয় মানুহৰ আন্দোলনৰ পৰা ৰাইজৰ দৃষ্টি বেলেগ ফালে নিবলৈ আজি উচ্ছেদ চলোৱা হৈছে বুলি যৌথ সংগ্রাম সমিতিয়ে অভিযোগ উত্থাপন কৰে।লগতে আজি চাপৰত উচ্ছেদ কৰা লোকসকলক অতি সোনকালে পুন:সংস্থাপনৰ ব্যবস্থা কৰিবলৈ তেওঁলোকে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।