নিষিদ্ধ কৰাৰ হুংকাৰ! বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ দলৰ সংখ্যালঘু মৰ্চা

index

বিজেপিৰ যুৱ নেতাৰ বিৰুদ্ধে ফকিৰাগ্ৰামত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিটিআৰৰ ফকিৰাগ্ৰাম সমষ্টিত নিৰ্বাচিত হোৱা বিজেপিৰ যুৱ নেতা অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে এইবাৰ ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটালে বিজেপিৰ সংখ্যালঘু মৰ্চাই ৷

লক্ষ্যণীয় যে, বিটিআৰৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সাত নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা সদ্য বিটিচিৰ নিৰ্বাচনত বিজয়ীহৈ অৰূপ কুমাৰ দে’ই শাসনৰ গাদী দখলৰ তিনি মাহ নৌহওঁতেই সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক তুচ্ছ তাচ্ছিল্য কৰাই নহয় ক্ষমতাৰ ৰাগীত ফকিৰাগ্ৰাম সমষ্টিৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ বিষয়ববীয়া নেতা-কৰ্মী সকলোকো ভদ্ৰতাৰে মাত এষাৰ নিদিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

যাৰ ফলত আজি ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শিঙিমাৰীত বিজেপি সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ সভাপতি আৰু সাধাৰন সম্পাদক ক্ৰমে ছাহিদুল শ্বেখ আৰু আয়ুৱ আলীয়ে সংবাদমেলযোগে বিজেপিৰ জনপ্ৰতিনিধি অৰূপ কুমাৰ দেৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে।

তেওঁলোকে শেহতীয়াকৈ সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক জনপ্ৰতিনিধি গৰাকীয়ে নিজৰ স্বাৰ্থ পূৰণৰ পিছত বৈষম্যতাৰে সম্প্ৰদায়ৰ ওপৰত অশ্ৰাৱ্য মন্তব্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

সংবাদমেলত মৰ্চাৰ নেতাদ্বয়ে পৰিষদৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজে দেহে কেহে খাটি বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে ওৰফে চম্পক জয়ী কৰাই দিছিল যদিও শাসনৰ গাদী দখলৰ পিছত সমষ্টিবাসীক পাত্তা নিদিয়া বুলি অভিযোগ কৰে ৷

এয়াই নহয় জনপ্ৰতিনিধি এজনক সমষ্টিবাসী ৰাইজে সাক্ষাৎ কৰিব গ’লে জাতিক ধৰি অশ্ৰাৱ্য গালি গালাজৰে তাচ্ছিল্য কৰাত ৰাইজে ওলোটাকৈ বিজেপি সংখ্যালঘু মৰ্চাকহে দোষাৰোপ কৰা বুলি কয় ৷

তেনে ক্ষেত্ৰত ফকিৰাগ্ৰাম সমষ্টিৰ বিজেপিৰ সংখ্যালঘু মৰ্চাই বিজেপি দলক দোষাৰোপ নকৰি দলৰে অন্যতম বিটিচিৰ পৰিষদীয় নেতা অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে খড়্গহস্ত হৈ অহা ২৬ মাৰ্চ সময়সীমা বান্ধি দি সংখ্যালঘু ৰাইজক দুৰ্ব্যৱহাৰ কৰাৰ জবাৱদিহি কৰি হুংকাৰ দিয়ে ৷

অন্যথা মৰ্চা মণ্ডল সমিতিৰ অধীনস্থ ৫২ বুথ সমিতি আৰু তিনি হেজাৰ সদস্যই আগন্তক বিধানসভা নিৰ্বাচনত ইউপিপিএল দলৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাৱলৈ যো-জা চলোৱা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অৰূপ কুমাৰ দে’ৰ সভা বৰ্জন আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ বাৱে প্ৰস্তুত হব বুলি সকীয়াই দিয়ে ৷

আজিৰ সংবাদমেলত ফকিৰাগ্ৰাম সমষ্টিৰ বিজেপি সংখ্যালঘু মৰ্চাৰ মণ্ডল সমিতিৰ কোষাধ্যক্ষ মুন্নাফ মণ্ডল আৰু মহিলা মৰ্চাৰ সভানেত্ৰী ৰেহেনা বেগমো উপস্থিত থাকে।