বিজ্ঞানৰ চমৎকাৰ, মৃত্যুৰ পাছতো জীয়াই থাকিব পাৰিব আপুনি!

অহা ২০৪৫ চনৰ ভিতৰত আপুনি হ’ব পাৰিব অমৰ। মানৱ জাতিক এই অমৰত্ব প্ৰদান কৰাৰ চেষ্টা চলাইছে ৰাছিয়াই।

ৰুছ ব্যৱসায়ী ডিমিট্ৰি ইটছকোভৰ উদ্যোগত ২০১১ চনত এই প্ৰকল্পটোৰ কাম-কাজ আৰম্ভ হয় আৰু বৰ্তমান ইয়াক সম্পূৰ্ণ কৰি তুলিবৰ বাবে জোৰদাৰ গতিত কাম-কাজ চলি আছে।

এই প্ৰকল্পটোৰ মতে মৰণশীল মানৱজাতিক ৰবটৰ জৰিয়তে অমৰত্ব দিয়া হ’ব। এই ৰবটে আচৰণ কৰিব শাৰীৰিকভাৱে মৃত্যু হোৱা ব্যক্তিগৰাকীৰ দৰে।

ৰুছ ব্যৱসায়ী ডিমিট্ৰি ইটছকোভে এই প্ৰসংগত কয় যে অমৰত্ব প্ৰদান কৰিব বিচৰা লোকজনৰ মৃত্যুৰ আগমুহূৰ্তত মগজুৰ বিশ্লেষণ কৰা হ’ব আৰু মগজুৰ সকলো ক’ডিং হিচাপে ৰবটত সংযোগ কৰা হ’ব।

বিজ্ঞানীসকলৰ মতে মানুহৰ মগজুক যান্ত্ৰিক ৰূপ দি ৰবটৰ শৰীৰত সংস্থাপন কৰিব পৰা যাব আৰু যিগৰাকী ব্যক্তিৰ মগজুৰ ৰূপ স্থানান্তৰ কৰা হ’ব ৰবটটো সম্পূৰ্ণভাৱে সেই ব্যক্তি গৰাকীৰ হৈ থাকিব। অৰ্থাৎ ৰবটটোৱে সেই ব্যক্তিজনৰ দৰে আচৰণ কৰিব।

২০৩৫ চনৰ ভিতৰত জীৱন্ত ব্যক্তিৰ মগজুক ৰবটলৈ স্থানান্তৰ কৰা কাম সম্পূৰ্ণ হৈ উঠিব আৰু প্ৰকল্পটো ২০৪৫ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি ইটছকোভে দাবী কৰিছে।