বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ ঘোষিত শান্তিৰ নগৰ কোকৰাঝাৰত সংঘটিত হৈছে অশান্তিৰ ঘটনা।
শুক্ৰবাৰে নিশা শাসকীয় দলৰ নেতাৰ বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে অচিনাক্ত দুৰ্বৃত্তই। অৱশ্যে এই আক্ৰমণৰ ঘটনাত কোনোমতে আগাত নোপোৱাকৈ ৰক্ষা পৰে নেতাগৰাকী।
দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰাৰ ফলত ক্ষতিগ্ৰস্ত হয় নেতা জন উঠি যোৱা বাহন খনৰ।
যোৱানিশা কোকৰাঝাৰ চহৰৰ পৰা দুই কিলোমিটাৰ দূৰত্ব অৱস্থিত মাগুৰমাৰীত সংঘটিত হয় এই ঘটনা।
এ এছ ১৬ এইছ ৫৩২১ নম্বৰৰ XUV বাহনেৰে নিজ ঘৰলৈ বুলি গৈ আছিল ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কুনচুৰ আলী।তেতিয়াই তেওঁৰ বাহন খনত দুৰ্বৃত্তই আক্ৰমণ চলায়।
এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে দলৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সম্পাদক শ্বফিকুল ইছলামে । ঘটনাত জড়িতসকলক কৰায়ক্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনায় নেতাগৰাকীয়ে।