মহানগৰীৰ গোপাল বড়ো উ: মা: বিদ্যালয়ৰ পৰা ৩গৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা; কাষৰ ল’জৰ পৰা উদ্ধাৰ

অপহৰণকাৰীক হাতত পায়ো আৰক্ষীক গতাই নিদি এৰি দিয়াত অধ্যক্ষ নবীন গগৈৰ স্থিতিক লৈ প্ৰশ্ন

Gopal Boro Girl

দুৰ্বৃত্তই অপহৰণৰ চেষ্টা কৰা সপ্তম শ্ৰেণীৰ ছাত্ৰী ৩গৰাকীৰ দুগৰাকী।

মহানগৰীৰ গণেশগুৰিত থকা চৰকাৰী শিক্ষানুষ্ঠান গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ৩গৰাকী ছাত্ৰীক আজি দুৰ্বৃত্তই বিদ্যালয়ৰ পৰাই অপহৰণৰ চেষ্টা চলায়।

ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ গুৰুতৰ অভিযোগ, তেওঁলোক তিনিগৰাকী জিৰণিৰ সময়ত, প্ৰায় ১২ বজাত অন্য দুগৰাকী ছাত্ৰীৰ সৈতে বিদ্যালয় চৌহদৰ বাহিৰলৈ ওলাই এখন দোকানত চিপছ কিনি থকা অৱস্থাতে এজন অচিনাকি যুৱকে বিভিন্ন প্ৰলোভন দি নাতিদূৰত থকা ছান চিটী ল’জলৈ লৈ গৈছিল।

ল’জ গৈ পোৱাৰ পিছত চকুত ক’লা কাপোৰ বান্ধি দি পৃথকে পৃথকে তিনিটা কোঠাত ৰখা হৈছিল আৰু তেওঁলোকৰ নাম, ঠিকনা আৰু ঘৰৰ ফোন নম্বৰ লৈছিল ল’জটোতে থকা তিনিগৰাকী মহিলাই।

ইয়াৰ পিছতে তেওঁলোকক কোঠাত আবদ্ধ কৰি বিস্কুট খাবলৈ দিয়া হৈছিল।

এগৰাকী ভুক্তভোগী ছাত্ৰীয়ে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত তলত অসম্পাদিত ৰূপত দিয়া হ’ল-

“আজি লেজাৰ টাইমত মই আৰু লগৰ কেইজনীমান দোকানলৈ গৈছিলো। এজন অচিনাকি ল’ৰাই আমাক আহি কৈছিল যে তেওঁলোকে গুড ডে’ বিস্কুট আৰু মমছ মেজিক বিস্কুটৰ ছাৰ্ভে চলি আছে, তোমালোকে গৈ খাই বিস্কুটৰ কেনেকুৱা সোৱাদ ক’ব লাগে।

আমি তেতিয়া কৈছিলো কিয় যাব লাগে? আমি ছাৰৰ পাৰ্মিশ্যন লোৱা নাই, গতিকে আমি যাব নোৱাৰিম। তেতিয়া তেওঁলোকে ছাৰৰ পাৰ্মিশ্যন লোৱা বুলি কৈছে। তেনেকৈ কোৱাত আমি তেওঁৰ লগত গুচি গৈছিলো। তেওঁ ছান চিটী ল’জলৈ আমাৰ তিনিজনীক লৈ গৈছিল। আমাৰ ভয় লাগিছিল বহুত। তাত থকা খুৰী এজনীয়ে আহি কৈছিল- তোমালোকে কিয় ভয় কৰিছা ইয়াত বহুতো ছাত্ৰ-ছাত্ৰী আছে। বহুকেইগৰাকী মহিলা তাত আছিল। গৈ পোৱাত আমাৰ নাম এণ্ট্ৰি কৰিছে, সৰু সৰু পাৰ্টিশ্যন থকা ৰূমত সোমোৱাই নিছে। তাৰ পাছত চকুত ক’লা কাপোৰ বান্ধি বিস্কুট খাবলৈ দিছে আৰু বিগ বজাৰৰ ১০০ টকীয়া গিফট কাৰ্ড দিছে আৰু কালাৰটো কেনেকুৱা সুধিছে। আমাক দুঘণ্টামান ৰখাই থৈছিল। তাৰ পাছত দুজন ছাৰ গৈ লৈ আহিছে।”

অপহৃতা ছাত্ৰী তিনিগৰাকীৰ সংগৰ পৰা পলাই অহা দুগৰাকী ছাত্ৰীয়ে বিদ্যালয়ৰ শিক্ষকক এই কথাটো অৱগত কৰাত বিদ্যালয়খনৰ দুজন শিক্ষকে গৈ ল’জৰ ৰূমৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি আনিছিল, ভুক্তভোগী আন এগৰাকী ছাত্ৰীয়ে নৰ্থ-ইষ্ট নাওৰ আগত কয়।

তাৎপৰ্য্যপূৰ্ণ যে ছাত্ৰীকেইগৰাকীক “অপহৰণ”ৰ ঘটনাত জড়িত যুৱক দুজন আৰু মহিলাকেইগৰাকীক বিদ্যালয়লৈ সোধা-পোছাৰ বাবে লৈ আনিছিল যদিও তেওঁলোকক আৰক্ষীক নগতোৱাকৈ অধ্যক্ষ নবীন গগৈয়ে এৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আনকি বিদ্যালয় সহ-শিক্ষকসকলে হেঁচা দিয়া সত্ত্বেও অধ্যক্ষজনে আৰক্ষীক গোচৰ নিদিলে ঘটনাটোত।

সহ-শিক্ষক-শিক্ষয়িত্ৰীসকলে অধ্যক্ষ নবীন গগৈক এই বিষয়ত প্ৰশ্ন কৰাত তেওঁ চৰম কাণ্ডজ্ঞানহীন মন্তব্য কৰে।

“ছোৱালীকেইজনীক পোৱা হৈছে, পুলিচক দিয়াৰ কি কথা আছে?”, অনুভূতিহীনতাৰ চৰম দৃষ্টান্তৰে অধ্যক্ষজনে কয়।

তেওঁ ঘটনাটোক লঘু কৰিবৰ চেষ্টা কৰি কয়, “মোক এজন ল’ৰাই আহি কৈছিল টেষ্টিং কৰিবলৈ ল’ৰা-ছোৱালী লাগে। মই ক’লো- নাই নাই নহ’ব, মই অনুমতি দিয়াত নাই এতিয়া লেজাৰ টাইম। পিছত এই কথাটো দুজনী ছাত্ৰীৰ পৰা গম পাই মই বিদ্যালয়ৰ শিক্ষক দুজনক পঠাই দিলো আৰু মানুহকেইজনক মতাই আনিলো। তেওঁলোকৰ নাম-ঠিকনা ইতিমধ্যে লৈছো মই, ভৱিষ্যতে আমাৰ ল’ৰা-ছোৱালীক লৈ এনে কৰিলে বিপদ হ’ব।”

তেওঁ আৰু কয় “ছোৱালী মানুহৰ কথা, গতিকে মই তৎক্ষণাত আৰক্ষীক জনালে অভিভাৱকে বা কি ভাবে? বিস্কুটৰ ওপৰত টেষ্ট ল’বৰ বাবে চকুত ক’লা কাপোৰ বান্ধি লৈছে বুলি আমাক তেওঁলোকে কৈছে।”

আনহাতে ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ মাজৰ দুগৰাকীৰ অভিভাৱকে ছান চিটি ল’জটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দিছে।

ঘটনাটোৰ সৈতে জড়িত এজন যুৱকৰ ভাষ্য, “আমি ৰূমত ৰখা নাছিলো, ছানচিটী বিবাহ ভৱনত ৰাখিছিলো। মহিলাই ছাত্ৰী তিনিওগৰাকীক সাক্ষাৎ কৰিছিল। চকুত ক’লা কাপোৰ বান্ধি ৰখা হৈছিল এইকাৰণেই যে, গোন্ধ লৈ কি বিস্কুট ক’ব লাগে। এইটো আমাৰ ছাৰ্ভে প্ৰক্ৰিয়া। ছোৱালী তিনিজনীক মাতি লৈ যোৱা ল’ৰাজনৰ ভুল হৈছে, তেওঁ এনেকৈ মাতি লৈ যাব নালাগে।”

যুৱকজনে জনোৱামতে, ছাত্ৰী তিনিগৰাকীক মাতি নিছিল ইটচ’ ৰিছাৰ্চ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে এনেদৰে অধ্যক্ষৰ বিনা অনুমতিত লৈ গৈছিল তিনিওগৰাকী ছাত্ৰীক।

বিদ্যালয়, মহাবিদ্যালয়ৰ আন আন ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল বুলি কোম্পানিটোৰ এজন প্ৰতিনিধিয়ে উল্লেখ কৰে যদিও ভুক্তভোগী এগৰাকী ছাত্ৰীয়ে জানিবলৈ দিয়া মতে, তেওঁলোক তিনিওগৰাকীৰ বাহিৰে অন্য কোনো তাত উপস্থিত নাছিল।

আনহাতে ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ মাজৰ দুগৰাকীৰ অভিভাৱকে ছান চিটি ল’জটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দিছে।

“ল’জত নি অপহৰণ নাইবা ধৰ্ষণ কৰাৰ সুবিধা লৈছিল, কিন্তু নোৱাৰিলে। আমি ল’জটোৰ বিৰুদ্ধে গোচৰ দিম। যি ল’ৰাই নহওক, কিয় মাতি নিছিল মনে মনে? তাৰ এটা বিচাৰ আমাক লাগিব।” ভুক্তভোগী এগৰাকী ছাৰ দেউতাকৰ ভাষ্য।