মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত নিজৰ দেশৰ কথা কৈ কান্দি উঠিল এইগৰাকী সুন্দৰী, কিয়?

দেওবাৰে হলিউডত অনুষ্ঠিত হৈ যোৱা ২০২০ বৰ্ষৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত কান্দি উঠিল এগৰাকী অপৰূপ সুন্দৰী।

থুঝাৰ ৱিণ্ট লউইন (Thuzar Wint Lwin) নামৰ সুন্দৰীগৰাকীয়ে নিজা দেশ ম্যানমাৰৰ পৰা প্ৰতিযোগিতাখনত অৱতীৰ্ণ হৈছে।

প্ৰতিযোগিতাখনত তেওঁ স্বভূমিত যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থান হোৱাৰ পাছত সংঘটিত হৈ থকা ৰাষ্ট্ৰ সন্ত্ৰাসৰ প্ৰতিবাদত উচুপি উঠে।

“আমাৰ মানুহ মৰি আছে আৰু প্ৰতিদিনাই সেনাৰ গুলি খাই আছে।”- প্ৰতিযোগিতাখনত এটা ভিডিঅ’ মেচেজযোগে তেওঁ কয়।

“মই সকলোকে আহ্বান জনাইছো যে ম্যানমাৰৰ বিষয়ে কিবা কওক। মই যিমান পাৰো ইয়াৰ প্ৰতিবাদ কৰি আহিছো।”- সুন্দৰীগৰাকীয়ে কয়।

প্ৰতিযোগিতাখনৰ শেষৰ পৰ্যায়ত সুন্দৰীগৰাকী অৱতীৰ্ণ হ’ব নোৱাৰিলেও ‘বেষ্ট নেচনেল কষ্টিউম’ শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

(প্লে’কাৰ্ড প্ৰদৰ্শন কৰি থকাৰ অৱস্থাত সুন্দৰীগৰাকী)

তেওঁ ম্যানমাৰৰ উত্তৰপশ্চিম অঞ্চলত বাস কৰা চিন জনগোষ্ঠীৰ (Chin people) পোচাক পৰিধান কৰি এই সন্মান লাভ কৰিছে.

উল্লেখযোগ্য যে শেহতীয়াকৈ জনগোষ্ঠীটোৱে সামৰিক বাহিনীৰ স’তে যুঁজত অৱতীৰ্ণ হৈ আহিছে।

প্ৰতিযোগিতাখনত তেওঁ নিজৰ জাতীয় সাজ পৰিধান কৰোতে এখন প্লে’কাৰ্ডো প্ৰদৰ্শন কৰে।

প্লে’কাৰ্ডখনত লিখা আছিল- “ম্যানমাৰৰ কুশলকামনা কৰক” (Pray for Myanmar)।

সুন্দৰীগৰাকীৰ এই আহ্বানক এতিয়ালৈকে ম্যানমাৰৰ জুণ্টা চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।