NORTHEAST NOW (Assamese)

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনা; মাজুলীত উদ্ধাৰ নিখোজ ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

September 14, 2021 12:38 pm · এন ই নাও নিউজ
Updated: September 14, 2021 2:11 pm

যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত সংঘটিত হোৱা শোকাৱহ ফেৰী দুৰ্ঘটনাটোত নিখোজ হৈ থকা মাজুলীৰ এগৰাকী চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে।

মঙলবাৰে মাজুলীত উদ্ধাৰ হৈছে ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। ক’লা ছাৰ্ট পৰিহিত চিকিৎসকগৰাকীৰ মৃতদেহটো তেওঁৰ হাতত থকা এটা টাটুৰ পৰা চিনাক্ত কৰা বুলি জানিব পৰা গৈছে।

ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

মাজুলী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়। মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পাছতে চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

যোৰহাটৰ বৰিগাঁৱৰ বাসিন্দা ডাঃ বিক্ৰমজিৎ বৰুৱা মাজুলীৰ গৰমূড় চিভিল হাস্পাতালত এগৰাকী ইএনটি স্পেছিয়েলিষ্ট হিচাপে কৰ্মৰত আছিল। সকলো সময়তো আনক সহায়ৰ বাবে আগ্ৰহী সৰবৰহী ডাঃ বিক্ৰমিজৎ বৰুৱাৰ পত্নী ডাঃ অৰুনিমা বৰা আৰু তেওঁৰ দুগৰাকী সন্তানৰ লগতে তেওঁৰ পিতৃও আছে।

উল্লেখ যে যোৱা ১১ ছেপ্টেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ তাপুত তথা “ভাচা তাপো”ত ফেৰী দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ পাছত ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা ইন্দ্ৰেশ্বৰ বৰাই পত্নীৰ লগতে আন বহুকেইজন লোকৰ জীৱন ৰক্ষা কৰিছিল যদিও আনৰ জীৱন ৰক্ষা কৰা মানৱতাৰ দূত ইন্দ্ৰেশ্বৰ বৰা নিজে লুইতৰ বুকুত হেৰাই গৈছিল।

আনহাতে, ঘটনা সংঘটি হোৱাৰ পাছত আহত মাজুলীৰ এগৰাকী অধ্যাপিকা পৰিমিতা দাসৰ যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হৈছিল।

Related News