কোকৰাঝাৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ সৰলপাৰাত নদীত সন্ধানহীন যুৱকৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয়৷
নিহত যুৱক গৰাকী গোসাইগাঁও সদৰ চহৰৰ এক নম্বৰ ৱাৰ্ডৰ শান্তিনগৰ নিৱাসী বন্ধুৰাম বসুুমতাৰীৰ পুত্ৰ মুকথাংগ বসুমতাৰী বলি জানিব পৰাগৈছে৷
জানিব পৰামতে যুৱক গৰাকীয়ে কালি ৩-৪ জন সতীৰ্থৰ সৈতে ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত ফুৰিব গৈছিল৷
যুৱকৰ দলবোৱে পাহাৰৰ পিনে যাওঁতে সৰলপাৰা নদীত পিছলি পৰি সন্ধানহীন হৈ পৰে মুকথাংগ।
আজি পুৱা পৰিয়ালৰ লোকে বহু দূৰৈত পানীত ওপঙি থকা অৱস্থাত যুৱক গৰাকীক উদ্ধাৰ কৰে৷
পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে৷
আনহাতে ঘটনা সন্দৰ্ভত কালি বিয়লিৰ পৰা আৰক্ষীক অৱগত কৰি সহায় বিচৰা হৈছিল যদিও আৰক্ষীযে সময়মতে সহায় কৰা নাই বুলি ৰাইজে অভিযোগ কৰে৷
মেধাৱী যুৱক গৰাকীৰ মৃত্যু অঞ্চতলটোৰ ৰাইজৰ মাজত গভীৰ শোক পৰিছে৷