NORTHEAST NOW (Assamese)

চাৰিটাকৈ সন্তান জন্ম দিয়ক, দুটা নিজৰ লগত ৰাখক, দুটা উৎসৰ্গা কৰক দেশৰ নামত: সাধ্বী ৰীতাম্বৰা

April 18, 2022 8:37 pm · এন ই নাও নিউজ,গুৱাহাটী

দেশৰ হিন্দু পৰিয়ালসমূহে এতিয়া পূৰ্বৰ ‘হাম দো হামাৰে দো’ নীতি ত্যাগ কৰিবৰ হ’ল। ইয়াৰ পৰিৱৰ্তে হিন্দু দম্পতীসকলে চাৰিটাকৈ সন্তান জন্ম দিয়ক। এই আহ্বান জনাইছে কঠোৰপন্থী হিন্দুত্ববাদী নেত্ৰী সাধ্বী ৰীতাম্বৰাই।

কানপুৰৰ এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি সাধ্বী ৰীতাম্বৰাই এনেদৰে মন্তব্য কৰে।

তেওঁ কয় যে ভাৰতক এখন সম্পূৰ্ণ হিন্দু ৰাষ্ট হিচাবে গঢ় দিয়াৰ স্বাৰ্থতে দেশৰ হিন্দু দম্পতিসকলক চাৰিটাকৈ সন্তান জন্ম দিব লাগিব।

হিন্দুত্ববাদী নেত্ৰীগৰাকীয়ে চাৰিটা সন্তানৰ মাজৰে দুটা সন্তানক দেশৰ বাবে উৎসৰ্গা কৰিবলৈও আহ্বান জনাইছে ।
এনে কৰিব পাৰিলেই ভাৰত শীঘ্ৰেই “হিন্দু ৰাষ্ট্ৰ” হৈ পৰিব বুলি নেত্ৰীগৰাকীয়ে কয়। জাহাংগীৰপুৰীত শনিবাৰে সংঘটিত সাম্প্ৰদায়িক হিংসাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যিসকলে হনুমান জয়ন্তীৰ শোভাযাত্ৰাত আক্ৰমণ কৰিছে তেওঁলোকে দেশৰ প্ৰগতি দেখি প্ৰতি ঈৰ্ষান্বিত হোৱা বুলি সাধ্বী ৰীতাম্বৰাই মন্তব্য কৰে।

কানপুৰৰ নিৰালা নগৰত ৰাম মহোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাধ্বী ৰীতাম্বৰাই কয় ‘হিন্দু মহিলাসকলে “হম দো, হামাৰে দো” নীতি অনুসৰণ কৰি আহিছে। কিন্তু সকলো হিন্দু দম্পতীয়ে চাৰিটাকৈ সন্তান জন্ম দিয়ক। ইয়াৰে ভিতৰত দুটা দেশৰ বাবে উৎসৰ্গিত কৰা উচিত, আনহাতে বাকী দুটা পৰিয়ালৰ বাবে হ’ব’।

তেওঁ লগতে কয়, “সোনকালেই ভাৰত এখন হিন্দু ৰাষ্ট্ৰত পৰিণত হ’ব।” তেওঁ অভিভাৱকসকলক তেওঁলোকৰ সন্তানক আৰ এছ এছৰ সৈতে জৰিত কৰিবলৈও আহ্বান জনায়।

Related News