এবছৰৰ মূৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচৰ বাবে সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেটাৰসকল।
লক্ষ্নৌত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা পাঁচখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে পূৰ্ণগতিত অনুশীলন অব্যাহত ৰাখিছে।
শৃংখলাটোৰ আৰম্ভণিৰ সময়ছোৱাত অধিনায়িকা মিথালী ৰাজে দলৰ সদস্যাসকলৰ পৰা সুন্দৰ প্ৰদৰ্শনৰ আশা কৰিছে।
”মই ভাবো আমাৰ ছোৱালীবিলাক খেলপথাৰত নামিবলৈ উৎসাহী হৈ আছে আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে সাজু হৈছে, কাৰণ বিশ্বকাপৰ কেম্পেইনৰ আৰম্ভণিৰ বাবে এয়াই সময়।” শনিবাৰে এখন সংবাদমেল সম্বোধি তেওঁ কয়।
অধিনায়িকাগৰাকীয়ে কয় যে লকডাউনৰ সময়ছোৱাত খেলুৱৈসকলে পৰস্পৰে পৰস্পৰৰ লগত অনলাইন সংযোগ ৰাখিছিল আৰু তেওঁ আশা কৰে যে ইয়াৰ সুফল লাভ কৰিব।
শৃংখলাটোৰ বাবে নিজকে কেনেদৰে সাজু কৰিছে, সেই বিষয়ত অধিনায়িকাগৰাকীয়ে কয় যে ২০১৯ চনৰ শেষৰ শৃংখলাত যিদৰে তেওঁ সুন্দৰ বেটিং প্ৰদৰ্শন কৰিছিল, সেইদৰেই অধিক ৰান সংগ্ৰহ কৰিবলৈ তেওঁ অনুশীলন অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে, ১৫ মাহৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ খোজ পেলাব।