অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ: বৰাকত বিধায়ক কমলাক্ষ দে’ক আটক

45262328_930536884003761_6907115205122064384_n

কলিয়াবৰৰ নলতলিত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই সাৱ্যস্ত কৰিছে প্ৰতিবাদ।

ধলাৰ নৰসংহাৰৰ ঘটনাৰ প্ৰতিবাদত আজি সদৌ অসম বাঙালী ফেডাৰেশ্যনকে ধৰি প্ৰায় শতাধিক বঙালী সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে। বৰাক উপত্যকাত বন্ধৰ প্ৰভাৱ কিছু ব্যাপক হোৱাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাত বন্ধৰ প্ৰভাৱ বিশেষ পৰিলক্ষিত হোৱা নাই।

ইপিনে, আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনা জাৰি কৰা হৈছে। আজি সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান খোলা ৰখাৰ বাবে সকলো জিলাৰ উপায়ুক্তসকলক ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে। তদুপৰি, অসম বন্ধৰ সময়ত সাধাৰণ জনতাৰ যাতে হাৰাশাস্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

শেহতীয়া বাতৰি অনুসৰি গুণোৎসৱত বাধা প্ৰদান কৰাৰ বাবে বৰাকত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক আৰক্ষীয়ে আটক কৰিছে। বন্ধৰ সমৰ্থন জনাই গুণোৎৱত বাধা প্ৰদান কৰাৰ বাবে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ লগতে কেইবাজনো কংগ্ৰেছ সমৰ্থকক আৰক্ষীয়ে আটক কৰিছে। আনহাতে, আন এখন বিদ্যালয়ত হোৱা গুণোৎসৱত বাধা প্ৰদান কৰা বাবে বিজেপিৰ কেইবাজনো সদস্যকো আৰক্ষীয়ে আটক কৰিছে।

বৰাকৰ শিলচৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। পুৱাৰ পৰাই শিলচৰত যান-বাহনকে ধৰি অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে। জানিব পৰা মতে, শিলচৰ আৰু কাছাৰত বিৰোধী দল কংগ্ৰেছেও এই বন্ধৰ সমৰ্থন জনাইছে।

ইপিনে, নগাঁও জিলাৰ কলিয়াবৰৰ নলতলিত কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাংশ প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইতিমধ্যে আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে।

হোজাইত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ কথা জানিব পৰা গৈছে। হোজাইৰ লগতে লংকা, লামডিঙতো বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে। ঢেকিয়াজুলিত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।

আনহাতে, নামনি অসমৰ গোসাইগাঁৱত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। অসম বন্ধৰ সময়ছোৱাত পুৱাৰে পৰা মহকুমাটোৰ শিমুলটাপু, শ্ৰীৰামপুৰ, গোসাইগাঁও, তেলিপাৰা, তুলসীবিল, কচুগাঁও আদি অঞ্চলৰ হাট বজাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে।

সেইদৰে, ধলাৰ নৃশংস হত্য়াকাণ্ডৰ প্ৰতিবাদত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আহ্বান জনোৱা অসম বন্ধৰ ধুবুৰীত আংশিক প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে। গৌৰীপুৰতো অসম বন্ধৰ ফলত অধিকাংশ ব্য়ৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে।

আনহাতে, তিনিচুকীয়া, মৰাণ আদিত অসম বন্ধ উঠাই লোৱা হৈছে। সদৌ অসম বাঙালী ফেডাৰেশ্যনকে ধৰি শতাধিক বাঙালী সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ তেজপুৰতো পৰা নাই।