হিমন্ত বিশ্বৰ প্ৰলোভন সত্ত্বেও মিজোৰামৰ জনগণে বিজেপিক সুযোগ নিদিলে : দেৱব্ৰত শইকীয়া

পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক বিজেপিৰ অনিয়মৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ সঁজাতী দলৰ

“হিমন্ত বিশ্বৰ প্ৰলোভন সত্ত্বেও মিজোৰামৰ জনসাধাৰণে বিজেপিক স্থান নিদিলে।” আজি পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছতে মিজোৰামৰ ফলাফল সন্দৰ্ভত এই মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

আজি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি আহি সংবাদ মাধ্যমৰ মুখামুখি হওঁতে নেতাজনে এইদৰে কয়।

উল্লেখ্য যে দ্বিতীয় পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত কাছাৰ আৰু কৰিমগঞ্জত শাসকীয় দলেই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তুলি ৰাজ্যিক নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে দেৱব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতী দলে।

শইকীয়াই সংবাদ মাধ্যমৰ আগত দাবী কৰা মতে মিজোৰামৰ নিৰ্বাচনী ফলাফলে উত্তৰ-পূবত কংগ্ৰেছক কোনো ধৰণৰ ক্ষতি নকৰে।

তেওঁ লগতে কয়, “মিজোৰামত বৰ্তমানৰ মুখ্য মন্ত্ৰীজন ২০ বছৰ ধৰি মুখ্য মন্ত্ৰী হৈছিল। গতিকে সেয়া পৰিৱৰ্তন হোৱাটো বিচাৰিলে। মিজোৰাম এখন শিক্ষিতৰ ৰাজ্য, গতিকে আঞ্চলিকতাবাদী শক্তিক শাসন কৰাৰ বাবে সুবিধা দিব বিচাৰিছে।”

আনহাতে, মোদীৰ কংগ্ৰেছমুক্ত ভাৰতৰ সপোন জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতিগৰাকীয়ে দাবী কৰে।

শইকীয়াৰ মতে, “কংগ্ৰেছক পুনৰ ৰাইজে আঁকোৱালি লৈছে।”

“বিজেপিয়ে তেওঁলোকৰ নীতিৰ দ্বাৰা কৃষক ৰাইজৰ দুৰ্দশা-দুৰ্গতি কৰিলে, অৰ্থনীতি ধ্বংস কৰিলে, নিবনুৱা যুৱকসকলক হতাশাগ্ৰস্ত কৰিলে।” অভিযোগ কৰে শইকীয়াই।

আনহাতে, দ্বিতীয় পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলেই নিৰ্বাচনী বিধি উলংঘা কৰি অপকৌশল প্ৰয়োগ কৰি তেওঁলোকৰ হাতলৈ পঞ্চায়তসমূহ নিব বিচাৰিছে বুলি অভিযোগেৰে দেৱব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে ৰাজ্যিক নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত শইকীয়াই কয়, “কৰিমগঞ্জত ৩৭টা পুলিং ষ্টেইশ্যনত ৰি-পুলিং দিছে। প্ৰকৃততে প্ৰিজাইডিং অফিচাৰসকলে কোনো গণ্ডগোল তথা অপ্ৰীতিকৰ ঘটনা হোৱা নাই বুলি কোৱা সত্ত্বেও জিলা উপায়ুক্তক প্ৰভাৱিত কৰি শাসক পক্ষই উক্ত ভোটকেন্দ্ৰসমূহত পুনৰ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে।  বহু ভোটকেন্দ্ৰৰ বাবে বেলট পেপাৰো তৈয়াৰ হোৱা নাই।”

শইকীয়াই লগতে অভিযোগ কৰে, “বিজেপিয়ে পৰাজয়ৰ আশংকা কৰি ৰিগিং কৰিবৰ বাবে এনেধৰণে ৰি-পুলিং কৰিব বিচাৰিছে।”

আনহাতে, কাছাৰ জিলাত শাসকীয় দলৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ কৰ্মীসকলক ভয়-ভাবুকি দেখুৱাই অহাৰ অভিযোগ তোলে শইকীয়াই।

শইকীয়াই লগতে কয়, “কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত ভুৱা গোচৰ তৰাৰ ফলত কংগ্ৰেছৰ কাউণ্টিং এজেণ্টসকলক ঘৰে ঘৰে গৈ পুলিচে বিচাৰি ফুৰিছে। যাৰ ফলত কাইলৈ কাছাৰত কংগ্ৰেছৰ ফালৰ পৰা কাউণ্টিং এজেণ্ট দিব নোৱৰা এটা অৱস্থা হ’ব।”