নাগৰিকত্ব বিধেয়ক বাতিল নকৰিলে দল ত্যাগৰ হুংকাৰ মিজোৰাম বিজেপিৰ সভাপতিৰ

Mizoram BJP President

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে কঠোৰতম স্থিতি লৈ অহা মিজোৰামৰ নাগৰিকৰ পদাংক অনুকৰণ কৰি মিজোৰাম বিজেপিৰ সভাপতিয়ে ৰাষ্ট্ৰীয় নেতৃত্বক চৰম সকীয়নি দিছে। নিজৰ ৰাজ্যৰ আৰু উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰশ্নই সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দি মিজোৰাম বিজেপিৰ সভাপতি জন ভি লুনা (John V Hluna)ই বিধেয়কখন বাতিল কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বক হেঁচা দি কয় যে ইয়াৰ অন্যথাই তেওঁ দলৰ পৰা ওলাই আহিবলৈ বাধ্য হ’ব।

”বিজেপিৰ ৰাজ্যিক গোটটো গঠন কৰা হৈছিল মিজোৰামবাসীৰ উন্নয়ন আৰু ঐক্যৰ কথা চিন্তা কৰি। যদিহে ই (বিধেয়কখন) মিজোৰামবাসীৰ বাবে ক্ষতিকৰ, তেন্তে আমি কেনেকৈ ইয়াত থাকিম?’, লুনাই সংবাদ মাধ্যমৰ আগত কয়।

ইপিনে লুনাই গীৰ্জাৰ অপৰিসীম প্ৰভাৱ থকা ৰাজ্যখনৰ গীৰ্জাসমূহক নাগৰিকত্ব বিধেয়ক যাতে ৰাজ্যসভাত গৃহীত নহয়, তাৰ বাবে প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছে। ৫ ফেব্ৰুৱাৰিত এখন সংবাদমেলৰ সময়ত ৰাজ্যিক সভাপতিজনে এই আহ্বান দিয়ে।

ৰাজ্যিক সভাপতিজনে লগতে ৰাজ্যখনৰ নাগৰিক আৰু দল-সংগঠনৰ প্ৰতিবাদলৈ সমৰ্থন আগ বঢ়াই কয়, ”বেচৰকাৰী দল-সংগঠন আৰু ৰাজনৈতিক দল সমূহৰ লগতে গীৰ্জাবোৰে বিধেয়কখন সংসদত গৃহীত নকৰিবলৈ যি দাবী জনাই আহিছে, তাত মিজোৰাম বিজেপিৰ পূৰ্ণ সমৰ্থন আছে।’

অৱশ্যে নিজৰ বক্তব্যৰ মাজত স্ববিৰোধ সৃষ্টি কৰি লুনাই বিধেয়কখনে মিজোৰামৰ বিশেষ ক্ষতি নকৰে বুলিও কয়। বিধেয়কখনে ৰাজ্যখনত সামান্যহে প্ৰভাৱ পেলাব। ই ঘাইকৈ বাংলাদেশ, আফগানিস্তান, পাকিস্তানত ধৰ্মীয় নিপীড়নৰ বলি হোৱা হিন্দু, খ্ৰীষ্টান, জৈন, পাৰ্চী আৰু শিখসকলকহে নাগৰিকত্ব দিব বুলি তেওঁ দাবী কৰে।

‘মিজোৰামত ঘাইকৈ বাংলাদেশৰ পৰা বৌদ্ধ চাকমাসকল আহি ঠাই ল’ব পাৰে বুলি  ভয় আছে। কি্নতু যিমান দূৰ জানো চাকমাসকল তাত নিপীড়নৰ বলি হোৱা নাই’, নিজৰ ব্যক্তব্যৰ সপক্ষে এই যুক্তি দাঙি ধৰে লুনাই। এই সম্পৰ্কত এটা অপপ্ৰচাৰ চলোৱা হৈছে বুলিও তেওঁ অভিযোগ কৰে।

উল্লেখযোগ্য যে ৰাজ্যিক সভাপতিজনে পূৰ্বে প্ৰধান মন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অন্যান্য নেতাসকলক বিধেয়কখন বাতিল কৰিবলৈ অনুৰোধ লৈ লগ কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় নেতৃত্বক এইটোও কৈছিল যে যদিহে বিধেয়কখন বাতিল কৰাটো সম্ভৱ নহয়, তেন্তে উত্তৰ-পূবক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখক।

ইপিনে মিজোৰামৰ শাসকীয় দল তথা বিজেপিৰ মিত্ৰ এম এন এফেও ইতিমধ্যে বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি কেন্দ্ৰক জনাই দিছিল।

মিজো সাধাৰণ নাগৰিক আৰু দল-সংগঠনেও অভূতপূৰ্ব ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিধেয়কখনৰ বিৰুদ্ধে। লাখ লাখ মিজো নাগৰিকে Hello China, Bye Bye India লিখা প্লেকাৰ্ড লৈ উলিওৱা প্ৰতিবাদী সমদলে মনোযোগ কাঢ়িছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো।