মিজোৰামত বিগত ২৪ ঘণ্টাত নতুনকৈ ২০ গৰাকী লোক কোভিড প’জিটিভ হয় আৰু ইয়াৰ ফলত ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা ৩৭৬৫ গৰাকীলৈ বৃদ্ধি পায়।
মিজোৰামৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া কোভিড তথ্য অনুসৰি মিজোৰামত কোভিড আক্ৰান্ত লোক সকলৰ ভিতৰত ২৭৮৪ গৰাকী পুৰুষ আৰু ৯৮১ গৰাকী মহিলা।
মিজোৰামত কোভিড আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত ৩৩১৯ গৰাকী লোক চিকিৎসাৰ অন্তত কোভিডৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।
মিজোৰামত বৰ্তমান ৪৪১ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।
মিজোৰামত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত পাঁচগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
ভাৰতত বুধবাৰে মুঠ কোভিড আক্ৰান্তৰ সংখ্যা ৯২ লাখ অতিক্ৰম কৰে। বুধবাৰে নতুনকৈ ৪৪৩৭৬ গৰাকী লোক কোভিড প’জিটিভ হয়।
আনহাতে, ভাৰতত কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰ ৮৬.৪২ লাখলৈ বৃদ্ধি পাইছে।
এতিয়ালৈ মুঠ ১,৩৪,৬৯৯ গৰাকী লোক ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছে।