• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2023 7:58 pm
114
VIEWS
Share on FacebookShare on Twitter

কালি গুজৰাটৰ চুৰাটৰ চিজিএম আদালতৰ এটা মানহানি গোচৰৰ ৰায়ৰ ভিত্তিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ খৰিজ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই কাৰ্যক সম্পূৰ্ণৰূপে স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক বুলি অভিহিত কৰি কয়, “আমি ৰাইজৰ দলে কোনোপধ্যেই এই কাৰ্যক সমৰ্থন কৰিব নোৱাৰো। তেখেতে উল্লেখ কৰে যে কেৱল এটা মানহানি গোচৰৰ অভিযোগৰ ভিত্তিত যিটো কোনো অপৰাধিক গোচৰ নহয় বা কোনো বৃহৎ দুৰ্নীতিৰ গোচৰ নহয় তেনেক্ষেত্ৰত এজন সাংসদৰ সাংসদ পদ খাৰিজ কৰাটো অভূতপূৰ্ব। এনেকুৱা ধৰণৰ আগতে নঘটা ঘটনা সংঘটিত কৰি বিজেপি চৰকাৰে আমাৰ দেশৰ গণতন্ত্ৰক হত্যা কৰিব খুজিছে”

অখিল গগৈয়ে কয়, “যোৱা কিছুদিন ধৰি বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক ফেচিবাদী নীতি প্ৰৱৰ্তন কৰি দেশবাসীৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে আৰু বিশেষভাৱে সমগ্ৰ দেশৰ সম্পদ কেইজনমান পুঁজিপতি, কেইটামান কৰ্পৰেটৰ হাতত তুলি দিব খুজিছে আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই মানুহৰ মুখ বন্ধ কৰি দিব খোজা হৈছে, সেই ঘটনাৰ পৰিণাম ৰূপেই এতিয়া আমি ৰাহুল গান্ধীৰ সাংসদ পদ এনেকৈ কৰ্তন কৰা আমি দেখিবলৈ পালোঁ।”

ৰাইজৰ দলৰ তৰফৰ পৰা এই ঘটনাক নিন্দা কৰাৰ লগতে পুনৰ লোকসভাত ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিবৰ কাৰণে দাবী উত্থাপন কৰি গগৈয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰীক ফেচিবাদী কাম বন্ধ হ‘ব লাগে। ১৯৭৫ৰ পৰা ১৯৭৭ চন পৰ্যন্ত কেৱল জৰুৰীকালীন সময়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল। পুনৰ এতিয়া দেশত তেনেকুৱা ধৰণৰ ফেচিবাদী কাৰ্যকলাপ চলোৱা হৈছে।

এইদৰে দাবী তুলি গগৈয়ে কয় মই দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধ হ‘বৰ বাবে আহ্বান জনাইছোঁ আৰু সমগ্র অসমবাসী ৰাইজ, সমগ্ৰ ভাৰতবাসী ৰাইজ বিশেষকৈ গণতান্ত্ৰিক ৰাইজক মই বিজেপি চৰকাৰৰ এই কাণ্ডৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছোঁ।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd