ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

কালি গুজৰাটৰ চুৰাটৰ চিজিএম আদালতৰ এটা মানহানি গোচৰৰ ৰায়ৰ ভিত্তিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ খৰিজ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই কাৰ্যক সম্পূৰ্ণৰূপে স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক বুলি অভিহিত কৰি কয়, “আমি ৰাইজৰ দলে কোনোপধ্যেই এই কাৰ্যক সমৰ্থন কৰিব নোৱাৰো। তেখেতে উল্লেখ কৰে যে কেৱল এটা মানহানি গোচৰৰ অভিযোগৰ ভিত্তিত যিটো কোনো অপৰাধিক গোচৰ নহয় বা কোনো বৃহৎ দুৰ্নীতিৰ গোচৰ নহয় তেনেক্ষেত্ৰত এজন সাংসদৰ সাংসদ পদ খাৰিজ কৰাটো অভূতপূৰ্ব। এনেকুৱা ধৰণৰ আগতে নঘটা ঘটনা সংঘটিত কৰি বিজেপি চৰকাৰে আমাৰ দেশৰ গণতন্ত্ৰক হত্যা কৰিব খুজিছে”

অখিল গগৈয়ে কয়, “যোৱা কিছুদিন ধৰি বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক ফেচিবাদী নীতি প্ৰৱৰ্তন কৰি দেশবাসীৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰিছে আৰু বিশেষভাৱে সমগ্ৰ দেশৰ সম্পদ কেইজনমান পুঁজিপতি, কেইটামান কৰ্পৰেটৰ হাতত তুলি দিব খুজিছে আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই মানুহৰ মুখ বন্ধ কৰি দিব খোজা হৈছে, সেই ঘটনাৰ পৰিণাম ৰূপেই এতিয়া আমি ৰাহুল গান্ধীৰ সাংসদ পদ এনেকৈ কৰ্তন কৰা আমি দেখিবলৈ পালোঁ।”

ৰাইজৰ দলৰ তৰফৰ পৰা এই ঘটনাক নিন্দা কৰাৰ লগতে পুনৰ লোকসভাত ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিবৰ কাৰণে দাবী উত্থাপন কৰি গগৈয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে এনেকুৱা অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰীক ফেচিবাদী কাম বন্ধ হব লাগে। ১৯৭৫ৰ পৰা ১৯৭৭ চন পৰ্যন্ত কেৱল জৰুৰীকালীন সময়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল। পুনৰ এতিয়া দেশত তেনেকুৱা ধৰণৰ ফেচিবাদী কাৰ্যকলাপ চলোৱা হৈছে।

এইদৰে দাবী তুলি গগৈয়ে কয় মই দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধ হবৰ বাবে আহ্বান জনাইছোঁ আৰু সমগ্র অসমবাসী ৰাইজ, সমগ্ৰ ভাৰতবাসী ৰাইজ বিশেষকৈ গণতান্ত্ৰিক ৰাইজক মই বিজেপি চৰকাৰৰ এই কাণ্ডৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছোঁ।