NORTHEAST NOW (Assamese)

আধাৰশিলা স্থাপনত কলপুলি সৰু হোৱা বাবে, কলপুলিৰে প্ৰহাৰ কৰিলে বিধায়কে

March 19, 2025 5:53 pm · এন ই নাও নিউজ, গুৱাহাটী

অমানৱীয় আচৰণ কৰি ৰাইজৰ ৰোষত এগৰাকী জনপ্ৰতিনিধি। ধুবুৰী জিলাত এখন দলৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ এগৰাকী দায়িত্বত থক এগৰাকীব্যক্তিক কলগছৰে প্ৰহাৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে বিধায়ক চামচুল হুদা

ঘটনাক্ৰম অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এ আই ইউ ডি এফ বিধায়ক চামছুল হুদাই ১১ কোটি টকা বিধায়ক পুঁজিৰ ধনৰ তেওঁৰ সমষ্টিটোৰ উন্নয়নৰ বাবে আবন্টন দিছিল। সেই ধনেৰে নিৰ্মাণ হ’বলগীয় বাট পথ আৰু দলৰ আধাৰশিলা স্থাপন কৰিবলৈ এনে অমানৱীয় কাৰ্য সংঘটিত কৰে।  

জানিব পৰা মতে চুৱাপাতাৰ পৰা নায়েৰআলগা হৈ যোৱা পথ চোৱাৰ মাজত থকা এখন আৰচিচি দলং আধাৰশিলা স্থাপন কৰাৰ অগমুহূৰ্তত বিধায়ক চামচুল হুদাই একেবাৰে সৰু সৰু কল পুলি পুতি ৰঙা ফিটা মাৰি থোৱা দেখি খঙতে  কলগছ উভলি মহৰি জনক মাৰপিত কৰিবলৈ লয়। ইয়াৰ পাছতে ঘটনাস্থলীত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

জনপ্ৰিতিনিধি এজনৰ এনে কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰশ্ন হয় যে বিধায়ক জন এনে আচৰণৰ বাবে জবাবদিহি হ’ব নে?

Related News