‘’প্ৰফুল্ল কুমাৰ মহন্ত আৰু পৰেশ বৰুৱাৰ মাজত কোনো পাৰ্থক্য নাই। দুয়োজনেই গণতন্ত্ৰক সমৰ্থন নকৰে।‘’ সোমবাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মাজত তুলনা দাঙি ধৰে এইদৰে মন্তৱ্য কৰে নগাঁওৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই।
শৰ্মাৰ এই মন্তব্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশ্বৰ ইতিহাসত অহিংস আন্দোলনৰ জৰিয়তে সুপৰিচিত হৈ পৰা তদানীত্বন আছুৰ নেতৃত্ব বহন কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক এগৰাকী উগ্ৰপন্থী নেতাৰ সৈতে তুলনা কৰাটো সচেতন মহলে মানি ল’ব পৰা নাই।
সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে ভোটদান বৰ্জন কৰা সম্পৰ্কত বিধায়ক শৰ্মাই তেওঁৰ মন্তব্য কৰিছিল। তেওঁ কয়, ‘’ ভোটদান নকৰাটো তেওঁ নৈতিক অধিকাৰ হিচাপে বিবেচনা কৰিব পাৰি, কিন্তু এয়া গণতান্ত্ৰিক অধিকাৰ নহয়। প্ৰয়োজন হ’লে তেওঁ ‘নোটা’ত ভোট দিব পাৰিলেহেঁতেন।‘’
বিজেপি বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ এইবাৰৰ প্ৰাৰ্থী ৰূপক শৰ্মাই লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গ্ৰহণ কৰা স্থিতিৰ বাবেও মহন্তক সমালোচনা কৰে।
আনহাতে, বিধায়ক শৰ্মাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই কয়,’’ ৰূপক শৰ্মাই ইতিহাস অধ্যয়ন কৰা উচিত।‘’
নিৰ্বাচন বৰ্জন কৰা সন্দৰ্ভত নিজৰ স্থিতি সদৰী কৰি লগতে মহন্তি কয়, ‘’পৰেশ বৰুৱাই হিংসাত বিশ্বাস কৰে, ইয়াৰ বিপৰীতে মই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক সম্পূৰ্ণৰূপে সমৰ্থন কৰো।‘’
ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহন্তি কয় যে যদি বিধেয়কখন সংসদ গৃহীত হয়, তেতিয়াহ’লে অসম আন এক ত্ৰিপুৰা হৈ পৰিব।‘’