কোৱাৰেন্টাইন চেন্টাৰত প্ৰতিদিনেই আলু-দালি ভাত খুওৱাৰ অভিযোগ বিধায়ক ৰূপজ্যোতিৰ

তিতাবৰৰ মহকুমাধিপতিৰ বিৰুদ্ধে অভিযোগৰ আঙুলি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ কোৱাৰেন্টাইন চেন্টাৰত প্ৰতিদিনে কেৱল আলু-দালি ভাত খুওৱাৰ অভিযোগ মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

‘গোলাঘাট, তিতাবৰ, মেৰাপানী, বোকাখাট, সৰুপথাৰ, বৰপথাৰ ইত্যাদি অঞ্চলৰ লোকসকলে ন-কছাৰীৰ কোৱাৰেন্টাইন চেন্টাৰত চাৰিদিন ধৰি আছে। তেওঁলোকে কেৱল ভাত দাইল আলু খাইয়েই দিন পাৰ কৰিছে।‘ নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত এইদৰে বিধায়কগৰাকীয়ে কয়।

এই সন্দৰ্ভত তিতাবৰৰ মহকুমাধিপতিৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তোলে বিধায়কজনে।

তেওঁ কয় ‘চৰকাৰে লাখ লাখ টকা কোৱাৰেন্টাইন চেন্টাৰ পৰিচালনাৰ বাবে প্ৰদান কৰি আহিছে। কিন্তু তিতাবৰৰ গাৰ্গ উপাধিৰ মহকুমাধিপতিগৰাকীয়ে এতিয়ালৈকে খবৰ ল’বলৈ অহা নাই আৰু ভালদৰে চোৱা-চিতা কৰা নাই। তেওঁ এ.চি. ৰূমত সোমাই আছে।‘

অতি সোনকালে চৰকাৰক তিতাবৰৰ মহকুমাধিপতিগৰাকীৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়কগৰাকীয়ে আহ্বান জনায়।

ইয়াৰোপৰি কোৱাৰেন্টাইন চেন্টাৰত থকাসকলক ন্যূনতম সুবিধাখিনি প্ৰদান কৰিবলৈ চৰকাৰক তেওঁ আহ্বান জনায়।

ইপিনে, বিধায়কগৰাকীৰ মতে সমগ্ৰ ভাৰতৰ ভিতৰতে ন-কছাৰীৰ কোৱাৰেন্টাইন চেন্টাৰটো সৰ্ববৃহৎ।

তেওঁ কয় ‘মই জনাত ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ কোৱাৰেন্টাইন চেন্টাৰ চলি আছে ন-কছাৰী অঞ্চলত। ন-কছাৰী হায়াৰ চেকেণ্ডৰী, ন-কছাৰী ছোৱালী হাইস্কুল আৰু ন-কছাৰী জুনিয়ৰ কলেজত চাৰিশতকৈ অধিক অসমীয়া লোক কোৱাৰেন্টাইন হৈ আছে। নাগালেণ্ডলৈ কাম কৰিবলৈ গৈ ঘূৰি অহাৰ পাছতে তেওঁলোকক কোৱাৰেন্টাইনত ৰখা হৈছিল।‘