যোৱা ৮ জুলাইৰ দিনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নী সমষ্টিত মুখ্যমন্ত্ৰী ভিজিলেন্সে বিধায়ক পুঁজিৰ খেলি মেলিৰ অভিযোগত তদন্ত কৰিছিল।
সেই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীক সাক্ষাত কৰি কিছুমান নথি পত্ৰ প্ৰদৰ্শন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
তাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য “মুখ্যমন্ত্ৰীয়ে কৈছে দোষী হ’লে তই জেললৈ যাব লাগিব, আৰু প্ৰয়োজন হ’লে মইয়ো জেল যাব সাজো। মই জেইলত গ’লে জড়িত হৈ থকা বিষয়া সকলো জেইলত যাব লাগিব”।
ইপিনে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূৰ্বৰ সমষ্টি মাজুলীত বিধায়ক পুঁজিৰ প্ৰয়োজনত তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱা বুলি সদৰী কৰে কুৰ্মীয়ে।
ইপিনে, ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত বিৰোধীয়ে প্ৰতিবাদ কৰাক লৈ তেওঁক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় “মোক কোনেও ঘেন্তাও একো কৰিব নোৱাৰে। জুবিন দাই কোৱা নিচিনাকৈ মইও কৈছোঁ মোক কোনেও ঘে… একো কৰিব নোৱাৰে। মই ৫ বাৰৰ বিধায়ক। কোনোবাই মোৰ চেহেৰাটো চাই ভোট দিয়া নাই”।
ইপিনে, ৰূপজ্যোতি কুৰ্মীক গ্ৰেপ্তাৰ কৰিব পৰাকৈ কোনো ভুল কৰা নাই বুলি দাবী কৰি কুৰ্মীয়ে লগতে কয় “পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১১ চনৰ পৰা ২০১৭ চনলৈ তদন্ত দি ভুল কৰি গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাত যোৰ কৰি আহ্বান কৰি আহিছো যে ২০০৬ চনৰ পৰা ২০২২ চনলৈকে বিধায়ক পুঁজিৰ ক্ষেত্ৰত তদন্ত দিয়ক।
ইপিনে, মৃত্যুৰ আগমুহূৰ্তলৈকে বিজেপিত থাকিম বুলি দাবী কৰি কুৰ্মীৰ মন্তব্য “এতিয়া মই যোগ্য হোৱা নাই । কিন্তু ২০২৬ ত মই মন্ত্ৰিত্ব বিচাৰিম।“