ৰাজ্য চৰকাৰে নিদিয়ে নতুন SOP; ১ জানুৱাৰীৰ পৰা বন্ধ থাকিব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাল

mmmccch-770x391

মহানগৰী গুৱাহাটীৰ দ্বিতীয়খন ডাঙৰ চৰকাৰী হাস্পাতাল মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় অহা নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা আন্তঃগাথঁনি উন্নয়নৰ বাবে বন্ধ থাকিব।

এই সময়চোৱাত চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলক পাণ্ডু এফ আৰ ইউ আৰু ধীৰেনপাৰাত থকা চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদান কৰা হ’ব।

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচ পৰিদৰ্শনকালত ৰাজ্যত নতুন এছঅ’পিক সন্দৰ্ভত নিজৰ বক্তৱ্য প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অ’মিক্ৰণক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এছঅ’পিকেই অসম চৰকাৰে অনুসৰণ কৰিব বুলি জানিবলৈ দিয়ে। অসম চৰকাৰে সদ্যহতে নতুন এছঅ’পিৰ কথা চিন্তা কৰা নাই।

অৱশ্যে অসমত অ’মিক্ৰণৰ সংক্ৰমণ ঘটিলে ৰাজ্য চৰকাৰে নতুন এছঅ’পিৰ কথা চিন্তা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে।

আনহাতে, জিএমচিএইচ পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে  জি এম চিএইচৰ চিকিৎসকে কৰ্তব্যৰ সময়ত ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসা প্ৰদান কৰাৰ বিষয়ে তেওঁ অভিযোগ লাভ কৰিছে আৰু এই সন্দৰ্ভত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব।