দেশত আন এটা অভাৱনীয় ঘটনা! জে এন য়ুৰ চৌহদত প্ৰৱেশ কৰি দলবদ্ধ আক্ৰমণ ABVP-ৰ

JNU

জে এন য়ুৰ চৌহদত দুৰ্বৃত্তৰ দল।

উচ্চ শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে খ্যাতিমান প্ৰতিষ্ঠান জে এন য়ুৰ চৌহদত আজি এদন অচিনাক্ত গুণ্ডাৰ দলে প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক আক্ৰমণ কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে, সন্ধিয়া প্ৰায় ৫ বজাত প্ৰায় ৫০০জন আক্ৰমণকাৰী মুখত ক’লা কাপোৰ পিন্ধি আহিছিল আৰু লাঠী, ৰড আদি লৈ ছাত্ৰ-ছাত্ৰীসকলক আক্ৰমণ কৰাৰ লগতে বয়-বস্তু লণ্ডভণ্ড কৰে।

আক্ৰমণকাৰী দলটোৱে গুৰুতৰভাৱে প্ৰহাৰ কৰাত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি আইছী ঘোষ বেয়াকৈ আহত হৈছে। আক্ৰমণটোত অসমৰো কেইবাজনো ছাত্ৰ-ছাত্ৰী আহত হৈছে বুলি খবৰ পোৱা গৈছে।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ, দলটো এ বি ভি পিৰ সদস্যৰে গঠিত।

ঘটনাটোৰ শিহৰণকাৰী দৃশ্যৰ কিছুমান ভিডিঅ’ ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত দেখা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও বিশ্ববিদ্যালয়খনৰ চৌহদত এতিয়াও উত্তেজনা অব্যাহত আছে।

দেশৰ খ্যাতিমান বিশ্ববিদ্যালয়খনত সংঘটিত এই অভাৱনীয় আক্ৰমণৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে দেশবাসীক।