ইচ্ছুক ৰক্তদাতাৰ ঘৰতে গৈ ৰক্ত সংগ্ৰহ কৰিব পৰাকৈ ‘ভ্ৰাম্যমাণ ৰক্ত সংগ্ৰহ ভেন’ মুকলি

Mobile Blood Collection Van

প্ৰতিনিধিত্বমূলক ছবি।

দুৰ্গতজনক নিজৰ তেজ দান কৰি সুস্থ কৰাত সহায়ৰ মনোভাব ৰখাসকলক ৰক্তদানত সহায় কৰিব পৰাকৈ ৰাজ্য চৰকাৰে ৫খনকৈ ভ্ৰাম্যমাণ ৰক্ত সংগ্ৰহ ভেন (Mobile Blood Collection Van) মুকলি কৰিছে।

৬ মাৰ্চত খানাপাৰাৰ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছ’চাইটিৰ চৌহদত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভেনকেইখনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।

ভেনকেইখন আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্ৰী শৰ্মাই কয় যে বহুতো ৰোগীয়ে বা ৰোগীৰ অভিভাৱকে জৰুৰীকালীন প্ৰয়োজনত চিকিৎসালয়ে তেওঁলোকক দিয়া ৰক্ত পুনৰ ব্লাডবেংকত যোগান ধৰিব নোৱাৰে। এওঁলোকৰ হৈ আনে তেজ দিব খুজিলেও ওচৰত তেজ দিয়াৰ সুবিধা নথকা বাবে আৰু দূৰত্বৰ বাবে দিব নোৱাৰে।

তেনেকুৱা পৰিস্থিতিত এই ভেনকেইখন গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। এই পাঁচখন ভেনৰ চাৰিখন চাৰিখন মেডিকেল কলেজত থাকিব আৰু আন এখন এখন জিলা চিকিৎসালয়ত থাকিব।

বৰপেটা, শিলচৰ, ডিব্ৰুগড়, তেজপুৰ মেডিকেল কলেজত একোখনকৈ আৰু নগাৱঁৰ জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এখন ৰখা হ’ব। এই ভেনকেইখনে যিকোনো সময়তে ৰক্তদাতাৰ ইচ্ছাক সঁহাৰি জনাই তেজ সংগ্ৰহ কৰিবলৈ যিকোনো ঠাইলৈ যাব পাৰিব।

“ৰাজ্যখনত স্বেচ্ছামূলক ৰক্তদানৰ আন্দোলনক এই ব্যৱস্থাই শক্তিশালী কৰিব। এতিয়া এটা মাত্ৰ ফোন কল কৰিলেই হ’ল। গাড়ী গৈ তেজ সংগ্ৰহ কৰিব”, মন্ত্ৰী শৰ্মাই ভেনকেইখন মুকলি কৰি কয়।