NORTHEAST NOW (Assamese)

ৰাজ্যৰ সকলো কলেজ, বিশ্ববিদ্যালয়ত কিয় মোবাইল ফোন নিষিদ্ধ কৰিলে চৰকাৰে?

October 18, 2019 3:05 pm · এন ই নাও নিউজ
Updated: October 18, 2019 3:58 pm
প্ৰতিনিধিত্বমূলক ফটো। উৎস: alamy.com

ৰাজ্যখনৰ সকলো কলেজ, বিশ্ববিদ্যালয়ত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰিলে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে।

ৰাজ্যখনৰ উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা এখন জাননীত এই কথা কোৱা হৈছে।

জাননীখনত কলেজ আৰু বিশ্ববিদ্যালয়সমূহৰ চৌহদৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ  কথা উল্লেখ কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীসকলক আৰু এতিয়াৰে পৰা কলেজ তথা বিশ্ববিদ্যালয়ৰ ভিতৰত মোবাইল নিয়া বা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব।

আনহাতে, কলেজ আৰু বিশ্ববিদ্যালয়সমূহৰ শিক্ষকসকলৰ বাবেও এই নিষিদ্ধকৰণ প্ৰযোজ্য হ’ব।

কলেজ তথা বিশ্ববিদ্যালয়সমূহৰ শিক্ষকসকলেও মোবাইল ফোনৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

‘ৰাজ্যখনৰ সকলো কলেজ আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে উন্নত শিক্ষাৰ পৰিৱেশ’ নিশ্চিত কৰিবলৈ উচ্চ শিক্ষা সঞ্চালকালয়ে জাননীখন জাৰি কৰিছে।

চৰকাৰে লক্ষ্য কৰিছে যে এক বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী তথা শিক্ষকে কলেজত থকা সময়ত তেওঁলোকৰ মূল্যবান সময় মোবাইল ফোনত ব্যয় কৰে।

উল্লেখযোগ্য যে যোগী আদিত্যনাথে ইতিমধ্যে কেবিনেট বৈঠককে ধৰি তেওঁৰ চৰকাৰী বৈঠকসমূহত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

কিছুমান গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত কিছুমান মন্ত্ৰী তথা বিষয়াই হোৱাটছ এপত মেচেজ চোৱাৰ ব্যস্ত থকা প্ৰত্যক্ষ কৰাৰ পাছতেই এই সিদ্ধান্ত লোৱা হৈছিল।

Related News