কেন্দ্ৰৰ উড়ান আঁচনি : গুৱাহাটী বিমান বন্দৰৰ সৈতে সংযোগ হ’ব ৬খন আছিয়ান ৰাষ্ট্ৰৰ ৰাজধানী

Guwahati-UDAN-1-990x742

উড়ান আঁচনিৰ জৰিয়তে অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা ৬খন আছিয়ান ৰাষ্ট্ৰলৈ পোনপতীয়া বিমান সেৱা আৰম্ভ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিৱেদনত প্ৰকাশ পাইছে যে আগন্তুক ৩-৪ মাহত কিছু সংখ্যক বিমানে বিমান সেৱা আৰম্ভ কৰিব।

এই ৬খন ৰাষ্ট্ৰ হৈছে বাংলাদেশ, নেপাল, ম্যানমাৰ, ছিংগাপুৰ, বেংকক আৰু মালয়েছিয়া। প্ৰণিধানযোগ্য যে উক্ত বিমান পৰিসেৱাই উক্ত ৰাষ্ট্ৰকেইখনৰ ৰাজধানী মহানগৰকেইখনক সংযোগ কৰিব।

উড়ান আঁচনিৰ জড়িয়তে ভাৰতৰ ৰাজ্য সমূহৰ সৈতে আন্তৰ্জাতিক গন্তব্যস্থানৰ মাজৰ বিমান পৰিবহণ সেৱা উন্নত কৰাৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে বিত্তীয় সহায়তা আগবঢ়াব।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুৱে টুইটাৰত এই কথা ঘোষণা কৰিছে।

উড়ান আঁচনিৰ খচৰাত প্ৰতিখন আসনত ঢাকালৈ ২,৩৭০ টকা, কাঠমাণ্ডুলৈ ২,৭১০ টকা, বেংককলৈ ৪,৪০০ টকা, য়াংগুনলৈ ৪,৭৭০ টকা, কুৱালালামপুৰলৈ ৭,৩৫০ টকা আৰু ছিংগাপুৰলৈ ৭,৮৮০ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ’ব।

আঁচনিখনত ৰাজ্য চৰকাৰক জড়িত কৰা হোৱা নাই। ৰাজ্য চৰকাৰে মাথোঁ যাত্ৰাপথৰ প্ৰস্তাৱহে আগবঢ়াব।

উল্লেখ্য যে অন্যন্য ৰাজ্য আৰু আন্তৰ্জাতিক গন্তব্যস্থানৰ সৈতে গুৱাহাটীক বিমানপথেৰে সংযোগ কৰিলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যসমূহত পৰ্যটন উদ্যোগ বিকশিত হ’ব।

উল্লেখ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ অসমৰ এটা গুৰুত্বপূৰ্ণ বিমান বন্দৰ। ইয়াত অসামৰিক বিমান বন্দৰৰ লগতে ভাৰতীয় বায়ুসেনাৰ বিমানঘাটীও আছে। পূৰ্বে ইয়াৰ নাম আছিল বৰঝাৰ বিমান বন্দৰ।