• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰাই কাৰ্যকৰী নিৰ্বাচনী আদৰ্শ আচৰণ বিধি; কি কি নিয়ম মানি চলিব লাগিব জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2024 7:50 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

755
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হৈ গ’ল। শনিবাৰে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল অনুষ্ঠিত কৰি কয় যে ১৯ এপ্ৰিলৰ পৰা লোকসভা নিৰ্বাচন আৰম্ভ হ’ব, আৰু ১ জুনলৈকে ভোটদান চলি থাকিব। ৪ জুনত ঘোষণা কৰা হ’ব ফলাফল।

ইপিনে, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে আজিৰে পৰা কাৰ্যকৰী হ’ল আদৰ্শ আচৰণ বিধি (model code of conduct)। ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিৰ্বাচনলৈকে বিভিন্ন নিয়ম মানি চলিব লাগিব। নিয়মবোৰ কি জানেনে?

ভাৰতীয় সংবিধানৰ ৩২৪ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে দেশত শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আদৰ্শ আচৰণ বিধি প্ৰৱৰ্তন কৰিছে। ১৯৬০ চনত কেৰালা বিধানসভাৰ নিৰ্বাচনত প্ৰথম আদৰ্শ আচৰণ বিধি প্ৰৱৰ্তন কৰা হয়।

ইয়াৰ পিছত নিৰ্বাচন আয়োগে ১৯৬২ চনৰ লোকসভা নিৰ্বাচনত সকলো দলকে এই নিয়ম মানি চলিবলৈ নিৰ্দেশ দিয়ে। নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে এই নিয়ম বলবৎ হৈ থাকে। এই সময়ছোৱাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলেও নিৰ্বাচন আয়োগৰ অধীনত কাম কৰে। নির্বাচনৰ পাছত উঠাই লোৱা হয় এই আচৰণ বিধি৷

আদৰ্শ আচৰণ বিধিত কি কি নিষিদ্ধ?

* এবাৰ আচৰণ বিধি প্ৰৱৰ্তন হ’লে চৰকাৰী খৰছত চৰকাৰী মন্ত্ৰীসকলে কোনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব নোৱাৰে। এই সময়ছোৱাত মন্ত্ৰীসকলে কেৱল চৰকাৰী বাহন ব্যৱহাৰ কৰি নিজৰ বাসগৃহৰ পৰা কাৰ্যালয়লৈ যাব পাৰিব। এই বাহনখন নিৰ্বাচনী সভা আৰু ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।

* আচৰণ বিধি বলবৎ হোৱাৰ পিছত ৰাজহুৱা ধন কোনো ৰাজনৈতিক দলৰ লাভৰ বাবে কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰী ঘোষণা, উদ্বোধনী অনুষ্ঠান, আধাৰশিলা স্থাপনৰ অনুষ্ঠান আদি স্থগিত ৰাখিব লাগিব।

* মন্দিৰ, মছজিদ, গীৰ্জা, গুৰদ্বাৰ বা কোনো ধৰ্মীয় স্থান নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।

* আচৰণ বিধিৰ অধীনত চৰকাৰে কোনো চৰকাৰী বিষয়া বা কৰ্মচাৰীক বদলি বা পদচ্যুত কৰিব নোৱাৰে। যদি বদলিটো অতি গুৰুত্বপূৰ্ণ হয় তেন্তে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ অনুমতি ল’ব লাগিব।

*যিকোনো সভা-শোভাযাত্ৰাৰ পূৰ্বে আৰু ৰাজহুৱা বা ব্যক্তিগত স্থানত লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ আগতে স্থানীয় আৰক্ষীৰ পৰা লিখিত অনুমতি ল’ব লাগিব। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত লাউডস্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

আদৰ্শ আচৰণ বিধি উলংঘা হ’লে কি হ’ব?

* কোনো ৰাজনৈতিক দল বা ইয়াৰ প্ৰাৰ্থীয়ে যদি আচৰণ বিধি উলংঘা কৰে তেন্তে প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিব পাৰি। আনকি, প্ৰাৰ্থীজনক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়া হ’ব পাৰে।

* আচৰণ বিধি উলংঘা কৰিলে প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ উত্থাপন হ’ব পাৰে, আনকি কাৰাদণ্ডও হ’ব পাৰে।সাধাৰণ লোকৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য।

* এই আচৰণ বিধি কেৱল ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ মাজতে সীমাবদ্ধ নহয়। সাধাৰণ মানুহৰ ক্ষেত্ৰতো প্ৰযোজ্য। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে যদি কোনো ৰাজনৈতিক দল বা নেতাৰ বাবে প্ৰচাৰ চলাই আছে তেন্তে তেওঁৱো এই নিয়মবোৰ মানি চলিব লাগিব। 

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd