ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ চেষ্টা কৰিছে। সোমবাৰে সন্ধিয়া তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে ফোনত কথা পাতিছিল। প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ ক্ষীপ্ৰ আৰু শান্তিপূৰ্ণভাৱে অন্ত পেলোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে।
নিজৰ এক্স হেণ্ডেলত দিয়া এটা চুটি বাৰ্তাত মোদীয়ে লিখিছে, “ভাৰতে শান্তিৰ বাবে সকলো সম্ভৱপৰ অৱদান আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
আনহাতে, জেলেনস্কিয়ে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত এই কথা-বতৰাৰ বিশদ বিৱৰণ দিয়ে। তেওঁ উল্লেখ কৰে যে ৰাছিয়াই এতিয়াও ইউক্ৰেইনক আক্ৰমণ কৰি আছে। বিশেষকৈ তেওঁ দেওবাৰে জাপোৰিজিয়াৰ এটা বাছ আস্থানত সংঘটিত আক্ৰমণৰ বিষয়ে মোডীক অৱগত কৰে য’ত বহু লোক আহত হয়। এই আলোচনাত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ‘শান্তি আলোচনা’ত ইউক্ৰেইনৰ অনুপস্থিতিৰ বিষয়টোও উত্থাপন কৰা হয়।
যোৱা শুকুৰবাৰে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত এই বৈঠক অনুষ্ঠিত হয়।
ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতি অধিক জটিল হৈ পৰাৰ লগতে কূটনৈতিক সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰচেষ্টা চলোৱাৰ সময়তে দুয়োখন দেশৰ শীৰ্ষ নেতাৰ মাজত আলোচনা চলি আছে। ইয়াৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইন আৰু ৰাছিয়াৰ নেতাৰ সৈতে কেইবাবাৰো কথা পাতিছিল।