হিংসা জৰ্জৰিত মণিপুৰক শান্ত কৰাত ব্যৰ্থ মোদীৰ মুখত অহিংসাৰ বাৰ্তা : গান্ধী জয়ন্তী উদযাপন প্ৰধানমন্ত্ৰীৰ

আজি অহিংসাৰ পথ প্ৰদৰ্শক তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ৰাজঘাটস্থিত মহাত্মা গান্ধীৰ সমাধিস্থল পৰিদৰ্শন কৰি মাল্যাৰ্পণ কৰে নৰেন্দ্ৰ মোদীয়ে।

জাতিৰ পিতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে- “সকলো দেশবাসীৰ পৰা সন্মানীয় বাপুক জন্ম জয়ন্তীত শ শ নমস্কাৰ। তেওঁৰ জীৱন আৰু সত্য, সম্প্ৰীতি আৰু সমতাৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা আদৰ্শ দেশবাসীৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব।”

এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে স্বচ্ছ অভিযানতো অংশগ্ৰহণ কৰে।

ইফালে আজি মহাত্মা গান্ধীৰ উপৰি দেশৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মদিন। মোদীয়ে আজিৰ দিনটোত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক্স হেণ্ডেলে লিখিছে, ‘লাল বাহাদুৰ শাস্ত্ৰীয়ে দেশৰ সৈনিক আৰু কৃষকৰ বাবে প্ৰাণ আহুতি দিছিল। জন্ম বাৰ্ষিকীত তেখেতৰ প্ৰতি বিনম্ৰ শ্ৰদ্ধা।”