• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ১৬ মে’, ‘বাংলাদেশীৰ টালি-টোপোলা বন্ধা দিৱস’ৰ সপ্তম বৰ্ষপূৰ্তি; পিছে কাঁটাতাঁৰৰ সিপাৰহে নহ’ল বাংলাদেশী!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2021 5:33 pm
Moddiiiiii
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৬ মে’ কে বাদ আসাম মে এক হি বাংলাদেশী নেহি ৰহেংগে….. সব কোচ সামান লেকৰ যানা পৰেগা…. য়ে লিখকৰ ৰখিয়ে……

এয়া আছিল ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ এটা অংশ। য’ত তেওঁ উল্লেখ কৰিছিল ১৬ মে’ৰ পাছত অসমত এজনো বাংলাদেশী নাথাকে, সকলোৱে টালি-টোপোলা লৈ যাব লাগিব এই কথা লিখি ৰাখক।

তেতিয়াৰ পৰাই অসমৰ এক জলন্ত সমস্যা বুলি গণ্য কৰা বিদেশী সমস্যা কেন্দ্ৰত মোদী চৰকাৰ আহিলেই দূৰ হ’ব বুলি ভাবিয়েই ঐতিহাসিক দিন হিচাপে ডায়েৰিত লিপিৱদ্ধ কৰি ৰাখিছিল।

সকলোৱে এই দিনটোত আশাৰে বাট চাই ৰৈ ৰৈ অৱশেষত এই দিনটোত বাংলাদেশীয়ে টালি-টোপোলা বন্ধা দিৱস হিচাপে নামাকৰণ কৰি সামাজিক মাধ্যমত ৰগৰ কৰা আৰম্ভ কৰিছে।

কিন্তু প্ৰকৃততে অসমৰ লগতে অন্য ৰাজ্যত কেইগৰাকী বাংলাদেশীয়ে টালি-টোপোলা বান্ধি ঘৰমুৱা হ’ল? সেয়া আজিৰ দিনটোৰ বাবে এক লাখটকীয়া প্ৰশ্ন।

এতিয়া যেন মোদীয়ে সেয়া অসমবাসীক জাতীয় স্বাৰ্থ অথবা সুৰক্ষা প্ৰদান কৰিম বুলি মুঙ্গৰীলাল কি হচিন স্বপ্নাৰ দৰে এই ডাইলগৰে অসমৰ জাতীয়তাবাদী জনতাৰ মন আকৰ্ষিত কৰিছিল।

কিন্তু বাস্তৱত যেন সেয়া শূণ্য। তাৰ বিপৰীতে বাংলাদেশী বিতাৰণৰ ক্ষেত্ৰত যোৱা ৭টা বৰ্ষত কোনো বিশেষ পদক্ষেপ হাতত নল’লে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।

সেয়েহে আজিৰ দিনটো ‘বাংলাদেশীয়ে টালি-টোপোলা বন্ধা দিৱস’ৰ সপ্তম বৰ্ষ হিচাপে খুহুতীয়াভাৱে উদযাপন কৰা পৰিলক্ষিত হৈছে।

বাতৰিটোত এইখিনিতে বাংলাদেশী বিতৰণৰ কিছু তথ্য পাঠক ৰাইজলৈ বুলি দাঙি ধৰিলো।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে যোৱা বৰ্ষচ ৰাজ্যসভাৰ মজিয়াত দিয়া তথ্য অনুসৰি অসমৰ পৰা ২০১৭ চনত ১১ গৰাকী, ২০১৮ চনত ১১ গৰাকী আৰু ২০১৯ ত ৮ গৰাকী বাংলাদেশীক বিতাৰণ কৰা হৈছে বাংলাদেশলৈ। ২০২০ চনত এগৰাকীও বাংলাদেশীক বিতাৰণ কৰিব পৰা নাই বিজেপি চৰকাৰে।

সেইদৰে সমগ্ৰ ভাৰততে ২০১৭ চনত ১১৭৫ গৰাকী, ২০১৮ চনত ১১১৮ গৰাকী, ২০১৯ ত ১৩৫১ গৰাকী আৰু ২০২০ চনত ৮৩ গৰাকী বাংলাদেশী নাগৰিকক বিতাৰণ কৰা হৈছে।

তাৰ বিপৰীতে পশ্চিমবংগত ২০১৭ চনত ৯৯২ গৰাকী, ২০১৮ ত ৯০০ গৰাকী, ২০১৯ ত ১১৬৭ গৰাকী আৰু ২০২০ ত ৭৪ গৰাকী বাংলাদেশীক বিতাৰণ কৰা হৈছে।

ঠিক সেইদৰে ত্ৰিপুৰাতো ২০১৭ চনত ১২২ গৰাকী, ২০১৮ চনত ১৬৫ গৰাকী, ২০১৯ ত ১২৬ গৰাকী আৰু ২০২০ চনত ৮ গৰাকী বাংলাদেশী নাগৰিকক বিতাৰণ কৰা হৈছে।

ওপৰৰ তথ্যৰ পৰা গম পোৱা গ’ল যে, অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰা আটাইতকৈ কম বাংলাদেশী বিতাৰণ হৈছে। ২০১৭ চনৰ পৰা মাত্ৰ ৩০ গৰাকী বিদেশীয়েহে টালি-টোপোলা বান্ধিছে অসমত।

য’ত নেকি অসমৰ বিভিন্ন দল-সংগঠনে ঐতিহাসিক অসম আন্দোলনৰ সময়ৰে পৰা অসমত লাখ-লাখ বাংলাদেশীৰ ৰম্যভূমিত পৰিণত হোৱা বুলি বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তথ্যতে অসমত বহু লক্ষাধিক বাংলাদেশী আছে বুলি প্ৰমাণিত হৈছে। তেনেক্ষেত্ৰত চাৰিটা বছৰত মাত্ৰ ৩০ গৰাকী বাংলাদেশী বিতাৰণ কৰা বিষয়টোৱে  সঁচাকৈয়ে মোদীৰ ভাষণ যে চমক সৃষ্টিকাৰী আছে সেয়া প্ৰমাণিত কৰিছে।

বাংলাদেশীয়ে টালি-টোপোলা বন্ধা প্ৰসংগ ইয়াতেই এৰিছো। কিন্তু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে এইখন চৰকাৰে আনিব বিচাৰিছে লাখে-লাখে বিদেশী, যি নেকি অসমৰ সাতাম পুৰুষীয়া ঐতিহ্য, কলা সংস্কৃতি, ভাষা সকলোতে আঘাত হানিব বুলি বাৰম্বাৰ অসমৰ বিভিন্ন জাতীয় দল সংগঠনে কৈ আহিছে।

উল্লেখ্য সদ্য প্ৰয়াত বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঁঞিয়েও ২০১৯ ৰ ১৭ ডিচেম্বৰত নগাওঁ নেহেৰুবালি গ্ৰন্থমেলাত ‘কা ব্যৰ্থ কৰিব নোৱাৰিলে অসমীয়া ভাষাৰ মৃত্যু হ’বলৈ বেছি দিন নাই’ বুলি নিজৰ ভাষণত কৈ গৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd