NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় ৰে’লৱেই ইতিহাস সৃষ্টি কৰিলে। বৃহস্পতিবাৰে দেশৰ প্ৰথমখন হাইড্ৰজেন চালিত ৰে’ল উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথম অৱস্থাত প্ৰদূষণমুক্ত আধুনিক পৰিৱেশ অনুকূল প্ৰযুক্তিৰে এইখন ৰে’ল হাৰিয়ানাৰ ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিন্দ-সোনিপত পথত চলিব।

বিশেষজ্ঞসকলে জনাইছে যে এই প্ৰযুক্তিত বিদ্যুৎ উৎপাদনৰ বাবে হাইড্ৰজেন ফুৱেল চেল ব্যৱহাৰ কৰা হয়। ডিজেল চালিত ৰে’লতকৈ ই বহু বেছি পৰিৱেশ অনুকূল। বিশেষ প্ৰযুক্তিৰ ব্যৱহাৰত হাইড্ৰজেন সংৰক্ষণ আৰু ইন্ধন ভৰোৱাৰ সুবিধাও আছে।

উদ্বোধনৰ পূৰ্বে মোদীয়ে এক্স হেণ্ডেলত লিখিছে, “এই বিশেষ ৰে’লখন থকা কেইখনমান দেশৰ অভিজাত গোটত ভাৰতে স্থান দখল কৰিলে। এই পদক্ষেপে ৰে’লৱেৰ ক্ষেত্ৰত পৰিৱেশ অনুকূল আৰু পৰিষ্কাৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত দেশখনক বহু দূৰলৈ লৈ যাব।”

হাইড্ৰজেন ৰেলৰ বিশেষত্ব কি?

১) ১০টা ডবাৰে গঠিত এই অত্যাধুনিক ৰে’লগাড়ীখন হাইড্ৰজেন ফুৱেল চেল প্ৰযুক্তিৰে চলে।

২) দুটা ড্ৰাইভিং পাৱাৰ কাৰ আৰু ৮ টা ট্ৰেইলাৰ কোচ আছে।

৩) ৰে’লখনৰ চালিকা শক্তি হৈছে ১২০০ কিলোৱাট শক্তিৰ ‘প্ৰ’টন এক্সচেঞ্জ মেমব্ৰেন ফিউৱেল চেল’। এই প্ৰযুক্তিত বায়ুত থকা হাইড্ৰজেন গেছ আৰু অক্সিজেনৰ ৰাসায়নিক বিক্ৰিয়া কৰি উচ্চ চাপৰ চিলিণ্ডাৰৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়।

৪) সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ৭৫ কিলোমিটাৰ যদিও ইয়াৰ ডিজাইন স্পীড প্ৰতি ঘণ্টাত ১১০ কিলোমিটাৰ।

৫) একেলগে প্ৰায় ২৬০০ যাত্ৰী এই ৰে’লত যাত্ৰা কৰিব পাৰিব।

৬) ই জিন্দ জংচন, গোহানা জংচন আৰু সোনিপতক সংযোগ কৰিব। মধ্যৱৰ্তী ষ্টেচনসমূহেও সেৱা লাভ কৰিব।

৭) যাত্ৰাপথত জিন্দ চিটি, পাণ্ডু পিন্দৰা জংচন, ললিত খেৰা হাল্ট, ভাম্ভেৱা, ইছাপুৰ খেৰি হাল্ট, বুটানা হাল্ট, খন্দৰাই হাল্ট, ৰাবৰা হাল্ট, লথ হাল্ট, মোহানা আৰু বৰৱাসনী হল্টত ৰে’লখন ৰ’ব।

৮) শুকুৰবাৰৰ ঐতিহাসিক উদ্বোধনৰ পিছত ভাৰতে হাইড্ৰজেন ৰে’ল চলোৱা বিশ্বৰ কেইখনমান দেশৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ পূৰ্বে জাৰ্মানী, চীন, জাপান, আমেৰিকাই হাইড্ৰজেন ৰে’ল সফলতাৰে চলাই আহিছে।

Related News