• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোডী-পুটিনৰ বৈঠকত ক্ষুব্ধ আমেৰিকা! পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতৰ ‘ছুপাৰ স্পাই’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 13, 2024 1:36 pm
195
VIEWS
Share on FacebookShare on Twitter

ৰুছ-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়া ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে মোদীয়ে। দুয়োজন নেতাকেই দেখা গ’ল খুব আন্তৰিকভাবে কথা পতা।

কিন্তু মোডী-পুটিন বন্ধুত্বক ভালকৈ গ্ৰহণ কৰা নাই আমেৰিকাই।  মোডীৰ এই ভ্ৰমণক লৈ অতিশয় ক্ষুব্ধ ৱাশ্বিংটন। আমেৰিকাৰৰ লগত সম্পৰ্কৰ অৱনতি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিশেষজ্ঞ সকলে। এই পৰিস্থিতিত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানৰ সৈতে আলোচনা কৰে।

ইউক্ৰেইন যুদ্ধক লৈ সংঘাতত লিপ্ত হৈছে আমেৰিকা আৰু ৰাছিয়া। এই যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ৱাশ্বিংটনে কিয়েভক অত্যাধুনিক অস্ত্ৰৰে সহায় কৰি আহিছে। সেই লৈ ক্ষুব্ধ হৈ পৰিছে ৰঙা মস্কো। ইফালে পুটিনেও আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বক পাৰমাণৱিক যুদ্ধৰ বিষয়ে বাৰে বাৰে সকীয়াই দিছে।

যোৱা সোমবাৰে মোডীয়ে ৰাছিয়া ভ্ৰমণ কৰিছিল। যাৰ বাবে খং উঠিছে আমেৰিকাৰ। ফলত এই ভ্ৰমণৰ ভিত্তিত আগন্তুক দিনত দিল্লী-ৱাশ্বিংটন সম্পৰ্কৰ দিশ সম্পৰ্কে কূটনৈতিক মহলত বিভিন্ন জল্পনা-কল্পনা চলি আছে। ভাৰতৰ ‘ছুপাৰ স্পাই’ ড’ভালে কালি অৰ্থাৎ শুকুৰবাৰে চুলিভানক ফোন কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ত দুয়োখন দেশৰ মাজত আলোচনা কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে, ‘ভাৰত আৰু আমেৰিকাৰ মাজত কৌশলগত সহযোগিতা আছে। যিটো বৰ শক্তিশালী। বিশ্বত শান্তি, স্থিতিশীলতা আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰিবলৈ এই দুয়োখন দেশৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ।

ইফালে মোদীয়ে পুনৰবাৰ পুটিনৰ সৈতে আলোচনাত ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি কয় যে দুয়োখন দেশে আলোচনা আৰু কূটনৈতিক বৈঠকৰ জৰিয়তে শান্তিৰ পথ বিচাৰি উলিয়াব লাগে।

বিশ্লেষকসকলৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণৰ বাবে আমেৰিকা আৰু ভাৰতৰ মাজত সৃষ্টি হোৱা চিন্তনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অজিত ডোভালে এই অনুষ্ঠানলৈ আহিছিল। তেওঁ হয়তো জেক চুলিভানৰ সৈতে হোৱা আলোচনাত ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছিল।

মস্কোৰ সৈতে দিল্লীৰ দৃঢ় বন্ধুত্বৰ বিষয়ে আমেৰিকা অজ্ঞাত নহয়। গতিকে তেওঁলোকে বিচাৰিছিল যে মোদীয়ে পুটিনৰ সৈতে কথা পাতি এই ৰক্তাক্ত সংঘাত বন্ধ কৰাৰ উপায় বিচাৰি উলিয়াওক। ফলত আমেৰিকাই জানিব বিচাৰিছিল যে ৰাছিয়াৰ মাটিৰ পৰা ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে মোদীয়ে কি বাৰ্তা দিলে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd