NORTHEAST NOW (Assamese)

‘মোদী’ৰ লেঠা! চুৰাট আদালতৰ পিছত এইবাৰ পাটনা আদালতৰ জাননী ৰাহুললৈ

April 13, 2023 10:13 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 13, 2023 2:18 am

মোদী উপাধি সন্দৰ্ভত চাৰি বছৰ পূৰ্বেই কৰা মন্তব্যৰ লেঠাই পিছ নেৰা হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। ইতিমধ্যেই এই মন্তব্যৰ বাবে গুজৰাটৰ চুৰাট আদালতে বিহা শাস্তিৰ পিছত পুনৰ একেটা বিষয়তে বিহাৰৰ পাটনা আদালতৰ জাননীৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতাগৰাকী।

ৰাহুল গান্ধীৰ এই চাৰি বছৰ পুৰণি মোদী উপাধি বিষয়ক মন্তব্যৰ বিৰোধিতাৰে দাখিল কৰা মানহানিৰ গোচৰত অহা ২৫ এপ্ৰিলত আদালতৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে পাটনা আদালতে।

পাটনাৰ সাংসদ/বিধায়ক আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়ে। বিশেষ ন্যায়িক দণ্ডাধীশ আদী দেৱৰ বিচাৰপীঠে যোৱা ১৮ মাৰ্চত গান্ধীক ১২ এপ্ৰিলত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

কিন্তু বুধবাৰে শুনানিৰ সময়ত ৰাহুল গান্ধীৰ অধিবক্তাগৰাকীয়ে গান্ধী একেটা বিষয়ৰে বাবে চুৰাট আদালতৰ গোচৰত ব্যস্ত থকা বুলি উল্লেখ কৰি আন এক তাৰিখ প্ৰদানৰ বাবে আদালতক অনুৰোধ জনায়।

এই অনুৰোধৰ পিছত ন্যায়াধীশগৰাকীয়ে ৰাহুল গান্ধীৰ অধিবক্তাক ২৫ এপ্ৰিলত গোচৰটোৰ শুনানিৰ পৰৱৰ্তী তাৰিখত আদালতৰ সন্মুখত গান্ধীৰ শাৰীৰিক উপস্থিতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

গান্ধীৰ প্ৰতিনিধিত্বকাৰী অধিবক্তা প্ৰিয়া গুপ্তাই সাংবাদিকৰ আগত উল্লেখ কৰে মতে অভিযোগকাৰীৰ পক্ষৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে আৰু সকলো প্ৰমাণ আদালতত দাখিল কৰা হৈছে। এতিয়া কেৱল গান্ধীৰ বক্তব্যহে লিপিবদ্ধ কৰিব লাগে বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে, শেহতীয়াকৈ একেটা গোচৰতে চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। আদালতৰ এই ৰায়ৰ পিছদিনাই লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল গান্ধীক।

Related News